সীতাৰাম য়েচুৰীৰ স্বাস্থ্যৰ অৱস্থাৰ অধিক অৱনতি, ভৰ্তি কৰা হ’ল ভেন্টিলেচনত

সীতাৰাম য়েচুৰী। ফাইল ফটোঃ সংগ্ৰহীত।

চিপিআইএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীৰ স্বাস্থ্যৰ অৱস্থাৰ আৰু অধিক অৱনতি ঘটিছে। কিছুদিন পূৰ্বে হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত চিপিআইএমৰ প্ৰবীণ নেতাগৰাকীক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল।

সূত্ৰ অনুসৰি কালি নিশা হঠাতে তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটে। ততাতয়াকৈ তেওঁক ভেন্টিলেচনলৈ লৈ যোৱা হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি এই মুহূৰ্তত পৰিস্থিতি সংকটজনক। চিকিৎসালয়খনত বিশেষজ্ঞ চিকিৎসকসকলৰ নিৰীক্ষণত আছে।

লগতে পঢ়কঃ অশোক সিংহলৰ বিভাগত নিবিদাৰ নামত ব্যাপক দুৰ্নীতি : বক্ৰপথেৰে ঠিকা লাভ দুই কোম্পানীৰ

দলীয় সূত্ৰৰ মতে, চিপিএমৰ সাধাৰণ সম্পাদকগৰাকী কিছুদিন ধৰি হাওঁফাওঁৰ সংক্ৰমণত ভুগি আছিল। ১৯ আগষ্টত তেওঁক এইমছত ভৰ্তি কৰা হৈছিল। তাতেই তেওঁৰ হাওঁফাওঁত নিউমোনিয়াৰ সংক্ৰমণ ধৰা পৰে। বিশেষজ্ঞ চিকিৎসকসকলে তেওঁৰ চিকিৎসা কৰি আছিল।

ইয়াৰ পূৰ্বে ৭২ বছৰীয়া য়েচুৰীয়ে কেটাৰেক্টৰ অস্ত্ৰোপচাৰ কৰিছিল। যাৰ বাবে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ মৃত্যুৰ পিছতো তেওঁ শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ কলকাতাত উপস্থিত থাকিব নোৱাৰিলে।

উল্লেখ্য যে ২০২১ চনৰ ২২ এপ্ৰিলত য়েচুৰীৰ জ্যেষ্ঠ পুত্ৰ আশীষৰ ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয়। পেছাত তেওঁ আছিল এগৰাকী সাংবাদিক। কেইবাদিনো অসুস্থতাৰ অন্তত তেওঁৰ মৃত্যু হৈছিল। সেই সময়ত য়েচুৰীয়ে নিজেই এই খবৰটো টুইট কৰি দিছিল।

লগতে পঢ়কঃ চাণক্য নীতি অনুসৰি এই ৫ টা স্থানত বাস নকৰিব, নহ’লে পতন অনিবাৰ্য!

বৰ্তমান এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ এটা দলে চিপিএমৰ প্ৰবীণ নেতাগৰাকীক পৰ্যবেক্ষণত ৰাখিছে। জ্যেষ্ঠ নেতাৰ অসুস্থতাৰ খবৰ শুনি নিশাও এইমছৰ সন্মুখত ভিৰ বাঢ়িছে দলৰ নেতা-কৰ্মীসকলৰ।