• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতি : গুৱাহাটীত চিপিআই(এম)ৰ বিক্ষোভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2023 4:04 pm
222
VIEWS
Share on FacebookShare on Twitter

গাজাত ইজৰাইলী বাহিনীৰ বৰ্বৰ আক্ৰমণ বন্ধ, পেলেষ্টাইনৰ দখলীকৃত ভূ-খণ্ড বেদখলমুক্ত আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুসৰি দ্বি-ৰাষ্ট্ৰ তত্ত্বৰ ভিত্তিত পূব জেৰুজালেমক ৰাজধানী হিচাপে লৈ স্বাধীন-সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ দাবীত ৰাষ্ট্ৰজোৰা সভা, সমদল, বিক্ষোভ সংগঠিত কৰাৰ বাবে চিপিআই(এম) দলে আহ্বান জনাইছে৷ এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই আজি ১৯ অক্টোবৰৰ দুপৰীয়া ২ বজাত গুৱাহাটীত টিচি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনৰ সন্মুখত পাৰ্টিৰ সভ্য- সমৰ্থকসকলে বিক্ষোভ প্ৰদৰ্শন কৰে৷

‘হামাছ-ইজৰাইল যুদ্ধ শীঘ্ৰেই বন্ধ কৰক’, ‘ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ অনুযায়ী স্বাধীন-সাৰ্বভৌম পেলেষ্টাইন ৰাষ্ট্ৰ গঠন কৰক’ আদি বিভিন্ন শ্ল’গানেৰে মুখৰিত বিক্ষোভকাৰীসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড আদি লৈ বিক্ষোভ প্ৰদৰ্শন কৰে৷ গাজাত ইজৰাইলী বাহিনীয়ে পেলেষ্টাইনৰ নিৰীহ জনগণৰ ওপৰত যোৱা ৭ অক্টোবৰৰ পৰা চলাই থকা অমানুষিক অত্যাচাৰ বন্ধ কৰাৰ দাবীত প্ৰতিবাদকাৰীসকল সোচ্চাৰ হয় ৷ 

বিক্ষোভ স্থলীত চিপিআই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইচ্‌ফাকুৰ ৰহমানে বক্তব্য দাঙি ধৰি কয় যে যোৱা ৭ অক্টোবৰত  হামাছ বাহিনীৰ অতৰ্কিত আক্ৰমণত ইজৰাইলৰ বহু নিৰীহ লোক নিহত হোৱাৰ ঘটনা অতিশয় নিন্দনীয় আৰু ই বৰ্বৰতাৰ নিদৰ্শন হৈ থাকিব৷ কিন্তু হামাছৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণৰ নামত ইজৰাইলী বাহিনীয়ে গাজাত যি নৃশংস যুদ্ধ অভিযান চলাইছে সি মানৱ সভ্যতাৰ ইতিহাসত অভূতপূৰ্ব আৰু অকল্পনীয়৷ 

মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া সাম্ৰাজ্যবাদী দেশসমূহৰ সমৰ্থন আৰু পৃষ্ঠপোষকতাত ইজৰাইলৰ চৰম প্ৰতিক্ৰিয়াশীল চৰকাৰখনে পেলেষ্টাইনীৰ জনসাধাৰণৰ ওপৰত আৰু চিকিৎসালয়, শিক্ষানুষ্ঠান আদিত ধাৰাসাৰ বোমা বৰ্ষণ কৰি নৰসংহাৰ চলাই আছে বুলি ৰহমানে কয়৷ 

চিপিআই(এম) নেতা শতঞ্জীৱ দাসে ভাষণ প্ৰসংগত কয় যে যুদ্ধবাজ ইজৰাইলে আন্তৰ্জাতিক আইন-কানুন, ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ আদি সকলো ভৰিৰে মোহাৰি গাজাত নৰহত্যা আৰু যুদ্ধ অপৰাধ সংঘটিত কৰি আছে৷ 

আজি সমগ্ৰ বিশ্বৰ শান্তিকামী আৰু যুদ্ধবিৰোধী জনগণে পেলেষ্টাইনৰ জনসাধাৰণৰ প্ৰতি সংহতিজ্ঞ জ্ঞাপন কৰা বুলি দাসে উল্লেখ কৰে৷ 

প্ৰতিবাদী কাৰ্যসূচীত ‘কা’-বিৰোধী সমন্বয়ৰক্ষী  সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলীয়ে ভাষণ প্ৰসংগত ইজৰাইলী বৰ্বৰতাক কঠোৰ ভাষাৰে নিন্দা কৰে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত পাৰ্টিৰ নেতা টিকেন দাস, তপন শৰ্মা, অজিত দাস, নিৰংকুশ নাথ, ৰিতুৰঞ্জন দাসকে ধৰি ভালেসংখ্যক মহিলাসহ পাৰ্টিৰ সভ্য-সমৰ্থকে অংশগ্ৰহণ কৰে৷

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd