• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বজাৰত জুই! মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত চিপিআই(এম)ৰ বিক্ষোভ কাৰ্যসূচী

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
May 5, 2022 7:15 pm
বজাৰত জুই! মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত চিপিআই(এম)ৰ বিক্ষোভ কাৰ্যসূচী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে চিপিআই(এম)ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত গুৱাহাটী ক্লাব ৰটাৰীত শতাধিক সভ্য-সমৰ্থকে মূল্য বৃদ্ধি ৰোধৰ দাবী সম্বলিত প্লে-কাৰ্ড লৈ মূল্য বৃদ্ধি ৰোধৰ দাবীত ধ্বনি দিয়ে।

বিক্ষোভ সমাবেশত বক্তব্য ৰাখি কামৰূপ মহানগৰ জিলাৰ প্ৰাক্তন সম্পাদক শতঞ্জীৱ দাসে কয়, “পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ, ঔষধ আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। কিন্তু মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।”

উত্তৰ প্ৰদেশকে ধৰি পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ নিৰ্দেশত কেইমাহমান তেলৰ কেম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ দাম প্ৰায় স্থিৰ কৰি ৰাখিছিল।কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত এতিয়ালৈকে প্ৰতি লিটাৰ পেট্ৰ’লত ৭.০৯ টকা বৃদ্ধি হৈছে। অথচ এই সময়ছোৱাত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম ২৭ শতাংশ হ্ৰাস পাইছে।

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ প্ৰতিবাদত শিৱসাগৰত চিপিআইৰ ধৰ্ণা-বিক্ষোভ প্ৰদৰ্শন

গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ১০৫.৬৬ আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম ৯১.৪০ টকা। পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধিৰ ফলত পৰিবহণ ব্যয় বৃদ্ধি হৈছে। পৰিণতিত বয়বস্তুৰ দাম বাঢ়িছে আৰু উবেৰ, ওলা চালক বা অন্যান্য লঘু বাণিজ্যিক বাহনৰ গৰাকী সকলৰ আয় উদ্বেগজনকভাবে কমিছে। একোটা ৰন্ধন গেছৰ বাবদ  ১০৫০ টকাৰ পৰা ১১০০ ভৰিবলগীয়া হৈছে। গেছৰ বাবদ দি অহা ৰাজ সাহায্য কাৰ্যতঃ নোহোৱা হৈছে।

বিক্ষোভ সমাবেশত উপস্থিত থাকি  চিপিআই(এম)ৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্যই কয়, “খাদ্য সামগ্ৰীৰ অবিৰত দাম বৃদ্ধিয়ে সীমিত আয়ৰ পৰিয়ালবোৰৰ জীৱন দুৰ্বিসহ কৰি তুলিছে। বিশেষকৈ খোৱা তেলৰ বৰ্ধিত দামে এতিয় সমস্যাত পেলাইছে মধ্যবিত্ত শ্ৰেণীক। পূৰ্বতে নিম্নমানৰ বুলি ঘৰুৱা কাম-কাজত ব্যৱহাৰ নকৰা তেলো এতিয়া ৰাইজে ইচ্ছা কৰিও ক্ৰয় কৰিব নোৱাৰা অৱস্থা হৈছে।”

ৰাজ্যত খোৱা তেলৰ দাম এতিয়া ১৮০ টকাৰ পৰা ২৩০ টকা। বিভিন্ন ব্ৰেণ্ডৰ চাউলৰ দাম কিলোৱে প্ৰতি ৫০ টকাৰ পৰা ৭০ টকা হৈছে। একেদৰে বাঢ়িছে শিশু খাদ্যৰ দাম। অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে প্ৰায় সকলো প্ৰকাৰৰ ঔষধৰ দাম বৃদ্ধি হৈছে।

১ এপ্ৰিলৰ পৰা ৮০০বিধ জীৱনদায়িনী ঔষধৰ দাম ১০.০৭শতাংশ বাঢ়িছে। উদ্বেগৰ  বিষয় এই যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কোনো পদক্ষেপ লোৱা নাই। চি পি আই (এম)য়ে আগন্তুক দুমাহৰ ভিতৰত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মূল্য বৃদ্ধিকে ধৰি আন কিছুমান জ্বলন্ত সমস্যা সমাধানৰ দাবী লৈ প্ৰচাৰ অভিযান চলাব।

লগতে পঢ়ক: লগ এৰা নাই বিপদে! জিগনেশ মেৱানীক তিনি মাহৰ কাৰাদণ্ড

মহানগৰ জিলা কমিটিৰ সম্পাদক বীৰেন শৰ্মাই অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই বক্তব্য ৰখাৰ লগতে জনসাধাৰণক সকাহ দিয়াৰ বাবে চাউলৰ উপৰিও আটা, মিঠা তেল, নিমখ, চেনি, দাইল আদি ১৪ বিধ অত্যাৱশ্যকীয় সামগ্ৰী ৰেচন কাৰ্ডৰ জৰিয়তে যোগান ধৰাৰ ব্যৱস্থা কৰাৰ দাবী সম্বলিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈকে প্ৰেৰণ কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd