• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ নিদিয়াটো বিজেপি চৰকাৰৰ নাগৰিকত্বৰ সমস্যা জীয়াই ৰখাৰ অভিসন্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2025 11:02 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১১ বছৰ কেন্দ্ৰত আৰু ৯ বছৰ অসমত বিজেপি চৰকাৰৰ গতি-বিধিলৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হৈ পৰে যে বিদেশী নাগৰিকৰ অনুপ্ৰবেশৰ সমস্যাটো সমাধানৰ বাবে তেওঁলোক মুঠেই আগ্ৰহী নহয়। বৰং সমস্যাটো জীয়াই ৰাখি তেওঁলোকৰ সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি অব্যাহত ৰখাটোহে লক্ষ্য। বৃহস্পতিবাৰে চিপিআই(এম)ৰ অসম ৰাজ‍্যিক কমিটিয়ে ইয়াৰ ৰাজ‍্যিক কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এইদৰে কয়।

চিপিআই(এম)ৰ ৰাজ‍্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে অভিযোগ কৰে যে সাম্প্ৰদায়িক ৰাজনীতিৰ স্বাৰ্থতে ধৰ্মীয় সংখ্যালঘুসকলক নানা ধৰণে হাৰাশাস্তি আৰু লঘু-লাঞ্চনা কৰাৰ বাবে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে নতুন নতুন পদ্ধতি অৱলম্বন কৰিব ধৰিছে।

অবৈধ বিদেশী হিচাপে চিনাক্ত সকলক আইনগত পদ্ধতিৰে বহিষ্কাৰ কৰাৰ কোনো কাৰ্যকৰী পদক্ষেপ বিজেপি চৰকাৰে নিৰ্ণয় কৰিব পৰা নাই। কিন্তু বাংলাদেশ চৰকাৰৰ সৈতে ভাৰত চৰকাৰৰ সংঘাত বৃদ্ধি পোৱাৰ পাছত হঠাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অবৈধ বাংলাদেশী চিনাক্ত আৰু বহিষ্কৰণৰ বাবে দ্ৰুত পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰসমূহক নিৰ্দেশ দিয়ে।

ইয়াৰ পাছতে অত্যুৎসাহ প্ৰদৰ্শন কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু লোকক আটক কৰি এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰে। তেওঁলোকক আটক কৰাৰ কাৰণ আৰু গন্তব্য স্থান সম্পৰ্কে পৰিয়ালৰ লোকসকলক সম্পূৰ্ণ অন্ধকাৰত ৰখা হয়।

পৰৱৰ্তী সময়ত ইয়াৰে বহুতকে নিশাৰ অন্ধকাৰত বাংলাদেশ সীমান্ত পাৰ কৰি দিয়া হয় (push back)। অনুসন্ধানত ওলাই পৰে যে যিসকলক খেদি পঠোৱা হয়, তেওঁলোকৰ বহুতকে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছে যদিও তেওঁলোকৰ আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয় অথবা উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

এই সকল লোকক বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশত প্ৰৱেশ কৰাত বাধা দিয়াত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশেষত ভাৰত চৰকাৰে কেইবাজনো লোকক অসমলৈ ঘূৰাই আনিবলৈ বাধ্য হয়।

এতিয়া এনে অৰাজক কৰ্মকাণ্ড সম্পৰ্কে অসমবাসীৰ ওচৰত সঠিক বাখ্যা আৰু তথ্য দাঙি ধৰাৰ সলনি মুখ্যমন্ত্ৰীয়ে বিধান সভাৰ বাহিৰে-ভিতৰে কিছুমান আজৱ কথা ক’বলৈ আৰম্ভ কৰিছে। যোৱা ৯জুনত অসম বিধানসভাৰ চমু অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কৈছে যে এতিয়াৰে পৰা অসমত সন্দেহযুক্ত বিদেশী সকলৰ গোচৰ বিদেশী ন্যায়াধিকৰণলৈ প্ৰেৰণ কৰাৰ সলনি “অসমৰ পৰা অবৈধ প্ৰব্ৰজনকাৰী বহিষ্কাৰ, ১৯৫০ (The Immigrants(Expulsion from Assam)Act,1950” অনুসৰি জিলা আয়ুক্ত সকলে বিচাৰ কৰি বিদেশী বুলি বিবেচনা কৰিলে তেওঁলোকক সীমান্ত পাৰ কৰি থৈ অহা হ’ব।

নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬(ক) ধাৰাৰ বৈধতাৰ সম্পৰ্কে উচ্চতম ন্যায়ালয়ৰ এখন সাংবিধানিক বিচাৰপীঠে যি ৰায় দিছে তাত যিহেতু এই আইন প্ৰয়োগ কৰাৰ অনুমতি দিছে, সেয়ে তাৰ ভিত্তিতে অসমত এই পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। কিন্তু এয়া হ’ল উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভুল ব্যাখ্যা।

উচ্চতম ন্যায়ালয়ে যোৱা বছৰৰ ১৭অক্টোবৰত দিয়া ৰায়টোত কোৱা হৈছে যে “অসমৰ পৰা অবৈধ প্ৰব্ৰজনকাৰী বহিষ্কাৰ আইন, ১৯৫০”ক নাগৰিকত্ব আইন, ১৯৫৫ৰ ৬(ক) ধাৰাৰ সৈতে সমন্বিতভাৱে প্ৰয়োগ কৰিব লাগিব। এই ৰায়টোত স্পষ্টভাৱে কোৱা হৈছে,”The implementation of immigration and citizenship legislations cannot be left to the mere  wish and discretion of the authorities, necessitating constant monitoring by the court.” অৰ্থাৎ ন্যায়ালয়ৰ নিৰীক্ষণতহে প্ৰব্ৰজন আৰু নাগৰিকত্ব সম্পৰ্কীয় আইনসমূহৰ ৰূপায়ণ কৰিব লাগিব। দুৰ্ভাগ্যৰ কথা যে মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা লুকুৱাই ৰাখি কেৱল উত্তেজনা সৃষ্টিৰ বাবেই আবোল -তাবোল বলকিবলৈ আৰম্ভ কৰিছে।

দৰাচলতে অসমৰ বিদেশী নাগৰিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে জৰুৰী হ’ল সকলো ভাৰতীয় নাগৰিকক সামৰি এখন শুদ্ধ নাগৰিকপঞ্জী(এনআৰচি)। কিন্তু ২০১৯ চনতে এনআৰচি উন্নীতকৰণ ৰ বাবে চূড়ান্ত তালিকা প্ৰস্তুত হোৱাৰ পাছতো বিজেপি চৰকাৰে এতিয়ালৈকে তালিকাখনৰ জাননী প্ৰকাশ নকৰিলে।

ইয়াৰ উদ্দেশ্য হ’ল বিদেশী নাগৰিকৰ সমস্যাটো জীয়াই ৰখা আৰু তাৰ ভিত্তিত উত্তেজনা সৃষ্টি কৰি বিজেপি -আৰএছএছৰ সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰখা। এনআৰচি তালিকাখন ত্ৰুটিপূৰ্ণ বুলি বিজেপি চৰকাৰখনে এতিয়া অভিযোগ কৰি আছে, অথচ কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকা অৱস্থাতে এনআৰচি তালিকা প্ৰণয়ন প্ৰক্ৰিয়া সমাপন কৰা হৈছিল।

এই পৰিপ্ৰেক্ষিতত চিপিআই(এম)ৰ সুস্পষ্ট অভিমত হ’ল যে প্ৰথমতে সম্পূৰ্ণ আইনী পদ্ধতিৰে বিদেশী ন্যায়াধিকৰণসমূহত বিদেশী সম্পৰ্কীয় গোচৰ বিচাৰ কৰা হওক; এই বিচাৰ প্ৰক্ৰিয়া উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰক।

দ্বিতীয়তে, অবৈধ বিদেশী প্ৰব্ৰজনকাৰী বহিষ্কৰণ সম্পৰ্কে বাংলাদেশ চৰকাৰৰ সৈতে ভাৰত চৰকাৰে সুনিৰ্দিষ্ট প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰক।

তৃতীয়তে, এনআৰচি তালিকা সূচিত (notify) কৰি এনআৰচি প্ৰক্ৰিয়া ত্বৰাণ্বিত কৰক; এনআৰচি তালিকাভুক্ত সকলক সচিত্ৰ পৰিচয়পত্ৰ প্ৰদান কৰক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd