চি পি এমৰ প্ৰতিবাদত উত্তপ্ত সমগ্ৰ ত্ৰিপুৰা : প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰক গ্ৰেপ্তাৰ

index.jpgaa

চি পি এমৰ প্ৰতিবাদত উত্তপ্ত হৈ উঠিছে বিপ্লৱ দেৱৰ বিজেপি শাসিত ত্ৰিপুৰা।

ক’ৰ’ণা কালৰ মাজতে ১৬ দফাৰ দাবীত ত্ৰিপুৰাত ৰাজ্যজুৰি বামপন্থী চি পি এমৰ আহ্বানত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

চি পি এমৰ উক্ত প্ৰতিবাদী কাৰ্যসূচী চলি থকাৰ মাজতে বিজেপি আৰু চি পি এমৰ সদস্যৰ মাজত আক্ৰম প্ৰত্যাক্ৰমণৰ ঘটনাৰ সূত্ৰপাত হয়।

চাব্ৰুমৰ শিলাচড়িত হোৱা এই আক্ৰমণ প্ৰত্যাক্ৰমণত দুই পক্ষৰ কমেও ২০ লোক আহত হৈছে।

ইফালে ৰাজধানী আগৰতলাৰ এই প্ৰতিবাদত প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰো উপস্থিত আছিল।

ৰাজধানী আগৰতলাত প্ৰতিবাদকাৰীক প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে বাট আগচি ধৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে স্বেচ্ছাই গ্ৰেপ্তাৰ বৰণ কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত চি পি এমৰ সদস্যসকলে ৰাজপথত বিক্ষোভ প্ৰদৰ্শন কৰে।

অৱশ্যে কিছু সময়ৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক মুকলি কৰি দিয়া হয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীয়ে প্ৰকাশ কৰিছে যে প্ৰতিবাদকালীন অৱস্থাত ৰাজ্যখনৰ বিভিন্ন স্থানত বিক্ষিপ্তভাৱে দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে।

বিজেপিয়ে দাবী কৰিছে যে চি পি এম-ৰ প্ৰতিবাদ সফল নোহোৱাৰ বাবে তেওঁলোকৰ সদস্যসকলে হিংসাত্মক ঘটনা সংঘটিত কৰিছে।

আনহাতে চি পি এম-এ দাবী কৰিছে যে বিজেপিৰ সদস্যসকলে আন্দোলন ব্যৰ্থ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত প্ৰৰোচনামূলকভাৱে আক্ৰমণ সংঘটিত কৰি সংঘৰ্ষৰ সৃষ্টি কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে অভিযোগ কৰি কয় যে, বৰ্তনাম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ সকলো দিশতে ব্যৰ্থ হৈছে।

দেশত গণতান্ত্ৰিক পৰিৱেশ নাইকিয়া হোৱা বুলি দাবী কৰি মাণিক চৰকাৰে আৰু কয় যে ক’ৰ’ণাৰে মোকাবিলা কৰাৰ লগতে দেশত মূল্যবৃদ্ধি নিয়ন্ত্ৰণতো ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ।

বিজেপিৰ বিৰুদ্ধ ‘ঐক্যৱদ্ধ ফ্ৰণ্ট’ গঢ়াৰো আহ্বান জনাইছে ত্ৰিপুৰা প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক চৰকাৰে।