ডিব্ৰুগড়ত ব্ৰাউন ছুগাৰসহ এজনক গ্ৰেপ্তাৰ

ডিব্ৰুগড় আৰক্ষীয়ে আজি ৪৭৫ গ্ৰাম ব্ৰাউন ছুগাৰসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। ধৃত ব্যক্তিজনক ডিব্ৰুগড় নগৰৰ কালিবাৰিৰ মহম্মদ ছফিকুল আলী বুলি চিনাক্ত কৰা হৈছে।

ডিব্ৰুগড় আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, ড্ৰাগছ সৰবৰাহকাৰী গৰাকীয়ে নিজৰ স্কুটীৰ ভিতৰত ব্ৰাউন ছুগাৰখিনি লুকুৱাই সৰবৰাহৰ বাবে নি থকা অৱস্থাতে আৰক্ষীয়ে তেওঁক আটক কৰে।

‘আমি তেওঁক আদালতত হাজিৰ কৰোৱাম আৰু ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বাকি সদস্যসকলৰ বিষয়ে তথ্য উদ্ধাৰৰ বাবে তেওঁক নিজৰ জিম্মাত বিচাৰিম।‘ বিষয়া গৰাকীয়ে কয়।

ধৃত ছফিকুল আলীৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী থানাত এন ডি পি এছ  আইন, ১৯৮৫ৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ২৫ আগষ্টত ডিব্ৰুগড় আৰক্ষীয়ে কালিবাৰীৰ ৰাজা আলী নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহকাৰী গৰাকীৰ ঘৰত অভিযান চলাই ১.১৪ কিলোগ্ৰাম ওজনৰ বৃহৎ পৰিমানৰ হিৰোইনসহ ১৯.৫৫ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছিল।

অৱশ্যে আৰক্ষীৰ চকুত ধূলি দি ৰাজা আলীয়ে পলায়ন কৰিবলৈ সক্ষম হয় যদিও আলীৰ পত্নীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ এক সূত্ৰৰ মতে মহম্মদ ছফিকুল আলী আৰু ৰাজা আলী ২০১৬ চনৰ পৰা জেইলত থকা ডিব্ৰুগড়ৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ইলাহী শ্বেইখৰ যথেষ্ট ঘণিষ্ঠ।