দুৰ্ঘটনাগ্ৰস্ত ছুখয়-৩০ যুঁজাৰু বিমানৰ পাইলট সুৰক্ষিত, চিকিৎসাধীন

sukhoi-pilot-1140x570

প্ৰকাশৰ বাবে পোৱা ফটো।

তেজপুৰৰ ওচৰত যোৱা বৃহস্পতিবাৰে দুৰ্ঘটনাত পতিত হোৱা ছুখয়-৩০ এম কে আই যুঁজাৰু বিমানৰ পাইলট দুজন বৰ্তমান চিকিৎসাধীন হৈ আছে।

ইয়াৰে এজন পাইলটক কলকাতাৰ সামৰিক হাস্পাতললৈ প্ৰেৰণ কৰা হৈছে আৰু আনজন গুৰুতৰভাৱে আহত পাইলটক তেজপুৰত থকা হাস্পাতলত ভৰ্তি কৰা বুলি সূত্ৰই জানিবলৈ দিছে।

বৃহস্পতিবাৰে সন্ধিয়া তেজপুৰৰ মিলনপুৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত পাইলট দুজন নিজেই সুৰক্ষিতভাৱে ওলাই আহিবলৈ সক্ষম হৈছিল।

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল হৰ্ষৱৰ্ধন পাণ্ডে জানিবলৈ দিয়া মতে, উইং কামাণ্ডাৰ পি শান্ত্ৰা আৰু স্কোৱাৰ্ডন লীডাৰ ইশান্ত মিশ্ৰ নামৰ দুয়োজন পাইলট বৰ্তমান বিপদমুক্ত।

প্ৰকাশৰ বাবে পোৱা ফটো।

তেওঁ কয় যে উইং কামাণ্ডাৰ পি শান্ত্ৰাক শুকুৰবাৰে ৰাতিপুৱা উন্নত চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে, বাও ভৰিখন কটা যোৱা মিশ্ৰক বৰ্তমান সংকটজনক অৱস্থাত তেজপুৰ ১৫৫ বেছ হাস্পাতলত ভৰ্তি কৰা হৈছে।

ভাৰতীয় বায়ুসেনাৰ বিষয়া তথা জ্যেষ্ঠ বিষয়াসকলে শুকুৰবাৰে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু ধাননি পথাৰৰ পৰা ‘ব্লেক বক্স’টো সংগ্ৰহ কৰে।

অঞ্চলটো বৰ্তমান সুৰক্ষা বাহিনীয়ে সম্পূৰ্ণকৈ বেৰি ৰাখিছে।

দুৰ্ঘটনাটোৰ স্থানীয় প্ৰত্যক্ষদৰ্শীয়ে নিশা ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ততাতয়াকৈ পাইলট দুজনক তেজপুৰৰ সামৰিক হাস্পাতললৈ চিকিৎসাৰ বাবে লৈ গৈছিল।

যুঁজাৰু বিমানখন তেজপুৰ শালনিবাৰী বায়ু সেনা ঘাটিৰ পৰা এক নিয়মীয়া পৰীক্ষণমূলক অভিযানৰ বাবে উৰা মাৰিছিল।

ঘটনাটোৰ এক ‘কোৰ্ট অফ ইনক্যুৱেৰী’ৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিব দিয়ে মুখপাত্ৰ পাণ্ডেই।