NORTHEAST NOW (Assamese)

আজি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ, দিল্লীলৈ ৰাওনা অসমৰ নেতা

August 17, 2018 9:53 am · এন ই নাও নিউজ

আজি শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ। বিয়লি ৪ বজাত বিজয়ঘাটৰ একতা স্থলত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব। কালি নিশা নিজ বাসগৃহত বাজপেয়ীৰ নশ্বৰদেহ ৰখা হয়।

আজি পুৱা ৯ বজাত তেওঁৰ নশ্বৰদেহ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ’ব। বিজেপি মুখ্য কাৰ্যালয়ত গুণমুগ্ধসকলে জননেতাগৰাকীক শেষ শ্ৰদ্ধা জনাব পাৰিব। পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ গুণমুগ্ধসকলে নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা জনাব পাৰিব।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ শেষ শ্ৰদ্ধা জনোৱাৰ বাবে অসমৰ পৰা নেতাসকল দিল্লীলৈ ৰাওনা হৈছে। বাজপেয়ীক অন্তিম শ্ৰদ্ধা জনাবলৈ আজি দিল্লীলৈ ৰাওনা হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস।

ইতিমধ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ অন্তিম যাত্ৰাত অংশ লোৱাৰ বাবে দিল্লীত উপস্থিত হৈছে অসমৰ ৰাজ্যপাল জগদীশ মুখী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পূৰ্বৰে পৰা নতুন দিল্লীতে আছে।

আনহাতে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাও নতুন দিল্লীত গৈ উপস্থিত হৈছে। আজি আৰু কেইগৰাকীমান নেতা প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে নতুন দিল্লীলৈ যোৱাৰ সম্ভাৱনা আছে।

ইপিনে বাজপেয়ীৰ শেষকৃত্যত উপস্থিত থাকিব চুবুৰীয়া দেশৰ প্ৰতিনিধি। জানিব পৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ শেষকৃত্যত চুবুৰীয়া বাংলাদেশ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকাৰ প্ৰতিনিধি উপস্থিত থাকিব।

Related News