বিশ্বনাথত নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা

প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্বনাথ নৱজ্যোতি যুৱ মঞ্চৰ উদ্যোগত আৰু দুৰ্নীতিবিৰোধী যুৱ শক্তি, অসম বিশ্বনাথ ঘাট আঞ্চলিক সমিতিৰ সহযোগত বিশ্বনাথ ঘাটৰ ৰাস বাকৰিত অনুষ্ঠিত হয় চতুৰ্থ বাৰ্ষিক প্ৰাইজমানি ও ট্ৰফি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা।

এখন ৰোমাঞ্চকৰ খেল উপভোগ কৰে ক্ৰীড়া প্ৰেমী ৰাইজে| দুপৰীয়া ২ বজাৰ পৰা অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়| ইয়াৰ পিছত চহিদ তৰ্পণ ও বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰু প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক স্মৰণ কৰা হয়| ইয়াৰ পিছত বিশিষ্ট ব্যক্তিৰদ্বাৰা দুটা শাখাত অনুষ্ঠিত হোৱা তথা জুনিয়ৰ আৰু চিনিয়ৰ শাখাৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰাৰ বাবে খেলপথাৰ মুকলি কৰা হয়|

বিশ্বনাথ চাৰিআলি আৰু ছোৱাগুৰীৰ মাজত অনুষ্ঠিত হোৱা জুনিয়ৰ শাখাৰ খেলত ১১ ৰাণত জয়ী লাভ কৰে বিশ্বনাথ চাৰিআলিৰ দলে| আৰু পৰৱৰ্তী পৰ্যায়ত ছিনিয়ৰ শাখাত বিশ্বনাথ ঘাট আৰু জামুগুৰিহাট দলৰ মাজত অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত জামুগুৰিহাটৰ দলে ১১৯ ৰাণ কৰিবলৈ হোৱাৰ লগতে জামুগুৰিহাটৰ দলে বিশ্বনাথ ঘাটৰ দলক ২৭ ৰাণত পৰাজিত কৰি জয়লাভ কৰে|

দুয়োটা শাখাত অনুষ্ঠিত হোৱা এই খেলখনত জয় লাভ কৰা প্ৰতিটো দলক বঁটা প্ৰদান কৰাৰ লগতে নগদ ধনসহ মানপত্ৰৰে পুৰস্কৃত কৰা হয়|

চূড়ান্ত খেলখনত বিশিষ্ট অতিথি হিচাপে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, বিশিষ্ট সমাজ সেৱক অকণ শইকীয়াকে আদি কৰি বিভিন্ন দল-সংগঠনৰ বিষয়াববীয়া উপস্থিত থকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে|