• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খেলি থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ক্ৰিকেটাৰৰ; এইদৰে ১০ দিনত ৩ ক্ৰিকেটাৰৰ মৃত্যু গুজৰাটত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 26, 2023 12:58 pm
162
VIEWS
Share on FacebookShare on Twitter

খেলপথাৰতে মৃত্যুক সাৱটিলে আন এজন ক্ৰিকেটাৰে। শনিবাৰে আহমেদাবাদত এখন মেচ খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ক্ৰিকেটাৰ বসন্ত ৰাঠোৰৰ। ৩৪ বছৰীয়া ক্ৰিকেটাৰজনে বলিং কৰোঁতে হৃদৰোগত আক্ৰান্ত হৈছিল। চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। গুজৰাটত যোৱা ১০ দিনত তিনিজন ক্ৰিকেটাৰৰ এইদৰে মৃত্যু হৈছে।

গুজৰাটৰ সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) বিভাগৰ কৰ্মচাৰী বসন্তৰ নিচা আছিল ক্ৰিকেট। সেই ক্ৰিকেট খেলি থাকোতে তেওঁ মৃত্যুৰ কোলাত ঢলি পৰে। বসন্তই আহমেদাবাদৰ ওচৰৰ এখন দন্ত মহাবিদ্যালয়ৰ খেলপথাৰত স্থানীয় ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত খেলি আছিল।

তেওঁ এজন অলৰাউণ্ডাৰ আছিল। বলিং কৰোঁতে বসন্তই প্ৰথমতে অস্বস্তি অনুভৱ কৰে। তাৰপিছতে বুকুৰ বিষ আৰম্ভ হয়। সতীৰ্থ তথা সংগঠকসকলে প্ৰথমে তেওঁক দন্ত মহাবিদ্যালয়লৈ লৈ যায়।

তাৰপিছতে বসন্তক ততাতৈয়াকৈ স্থানীয় চোলা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় কিয়নো তেওঁৰ অক্সিজেনৰ স্তৰ দ্ৰুতগতিত হ্ৰাস পাইছিল।চিকিৎসা আৰম্ভ হৈছিল যদিও বসন্ত ৰক্ষা কৰিব পৰা নগ’ল।চিকিৎসালয়ত বসন্তৰ মৃত্যু হয়।

চিকিৎসকসকলে জনায় যে তেওঁৰ গুৰুতৰ হাৰ্ট এটেকৰ ফলত মৃত্যু হৈছে। বস্ত্ৰপুৰৰ বাসিন্দা বসন্তৰ পত্নী আছে।

তেওঁৰ সতীৰ্থসকলে জনায় যে বসন্ত আগৰে পৰা অসুস্থ নাছিল। গুজৰাটৰ সামগ্ৰী আৰু সেৱা কৰ বিভাগৰ এজন বিষয়াই কয়, “আমাৰ দলটোৱে ফিল্ডিং কৰি আছিল। বসন্ত আৰম্ভণিৰ পৰা ঠিকেই আছিল। হঠাতে তেওঁ বুকুত বিষ অনুভৱ কৰে আৰু মৃত্যুবৰণ কৰে। তেওঁৰ সতীৰ্থসকলে চেষ্টা কৰিছিল যদিও একো কৰিব নোৱাৰিলে।”

স্থানীয় সংবাদ মাধ্যমৰ মতে, যোৱা ১০ দিনত তিনিজন ক্ৰিকেটাৰৰ এইদৰে খেলি মৃত্যু হৈছে। প্ৰথম দুজন ক্ৰিকেটাৰ হৈছে ৰাজকোটৰ বাসিন্দা প্ৰশান্ত ভৰোলিয়া (২৭) আৰু চুৰাটৰ বাসিন্দা জিগনেশ চৌহান (৩১)। তেওঁলোক সকলোৰে হৃদৰোগত মৃত্যু হৈছিল। এনে ঘটনাই গুজৰাটৰ ক্ৰিকেট মহলত শোকৰ ছাঁ পেলাইছে।

Recent News

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd