NORTHEAST NOW (Assamese)

বণ্যপ্ৰাণী সংৰক্ষণৰ বাবে ২৫ লাখ টকাৰ বৰঙণি ক্ৰিকেটৰ ‘হিটমেন’ ৰোহিত শৰ্মাৰ

October 1, 2019 10:55 am · এন ই নাও নিউজ

বনৰীয়া জীৱ-জন্তু সুৰক্ষাৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা অপেনিং বেটছমেন তথা এদিনীয়া ক্ৰিকেটৰ দ্বিতীয় ৰেংকৰ ৰোহিত শৰ্মাই পুনৰ দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন।

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক গৰাকীয়ে বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি অহা ৱৰ্ল্ড ৱাইড ফাণ্ড(ডব্লিউ ডব্লিউ এফ) আৰু অই পেযেটা(OI Pejeta) নামৰ সংগঠন দুটালৈ ২৫ লাখ টকাৰ আৰ্থিক বৰঙণি আগবঢ়াইছে।

উল্লেখযোগ্য যে, ৰোহিত শৰ্মা ২০১৫ চনৰ পৰা বিশ্বৰ লুপ্তপ্ৰায় বণ্যপ্ৰাণী সমূহৰ সুৰক্ষা তথা সংৰক্ষণৰ হকে বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে।

ক্ৰিকেটাৰ গৰাকীয়ে ভাৰত তথা আফ্ৰিকাত হৈ থকা গঁড় হত্যা ৰোধ কৰা আৰু সেই সমূহক সুৰক্ষা প্ৰদান কৰাৰ বাবে বিভিন্ন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ চলিত বছৰৰ আৰম্ভণিতে এটা গঁড়ৰ পোৱালিৰ নাম নিজৰ কন্যা চামেইৰাৰ নামতো নামকৰণ কৰা পৰিলক্ষিত হৈছিল।

ইফালে বিশ্ব গঁড় দিৱস উপলক্ষে  যোৱা ২২ ছেপ্তেম্বৰত ৰোহিত শৰ্মাই নিজৰ টুইটাৰ যোগে এই আপুৰুগীয়া জন্তুবিধৰ সুৰক্ষা তথা সংৰক্ষণৰ বাবে তেওঁৰ অনুৰাগী সকলক সহায়-সহযোগ কৰিবলৈও আহ্বান জনাইছিল।

ইয়াৰ উপৰি চলিত বছৰৰ কাজিৰঙাত বানপানীৰ ফলত উদ্যানখনৰ জীৱ-জন্তুৱে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ কিছুমান ফটো ছ’চিয়েল মিডিয়া যোগে ভাইৰেল হোৱাৰ পাছতে বণ্যপ্ৰাণী সমূহৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ টুইটাৰ যোগে অসমৰ জনসাধাৰণক সাৱধানে যান-বাহন চলোৱাৰ বাবে আহ্বান জনাইছিল।

উল্লেখ্য যে চোৰাং চিকাৰীৰ পৰা গঁড় সমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা ক্ৰিকেটাৰ গৰাকীয়ে নিজৰ বেটখনৰ পাছফালে এটা গঁড়ৰ ষ্টিকাৰো লগাই লৈছে।

Related News