NORTHEAST NOW (Assamese)

একেটা ক্লাৱতে পিতৃ-পুত্ৰ! মানচেষ্টাৰ ইউনাইটেডৰ হৈ ৭ নম্বৰ জাৰ্ছিৰে নামিব জুনিয়ৰ ক্ৰিশ্চিয়ানো ৰোনাল্ডো

February 12, 2022 10:07 am · এন ই নাও নিউজ, গুৱাহাটী

পিতৃ বিশ্ব প্ৰসিদ্ধ ফুটবলাৰ ক্ৰিশ্চিয়ানো ৰোনাল্ডো। তেওঁৰ পুত্ৰ জুনিয়ৰ ৰোনাল্ডোৰ ভৰিতো ফুটবলৰ যাদু। পিতৃৰ পদাংক অনুসৰণ কৰি এইবাৰ বিশ্বক নিজৰ কলা দেখুৱাবলৈ সাজু জুনিয়ৰ ৰোনাল্ডো।

মাত্ৰ ১১ বছৰীয়া কিশোৰগৰাকীয়ে বিশ্বৰ অন্যতম ঐতিহ্যবাহী ক্লাৱ মানচেষ্টাৰ ইউনাইটেডৰ বাবে স্বাক্ষৰ কৰিলে। পিতৃৰ দৰেই তেওঁৰ পিন্ধনতো থাকিব ৭নম্বৰ জাৰ্ছি। একেটা ক্লাৱৰ হৈ খেলিব পিতৃ-পুত্ৰই। বংশলতাৰ গৌৰৱ এই পৰম্পৰা সঁচাকৈয়ে বিৰল।

ক্ৰিশ্চিয়ানো ৰোনাল্ডোৰ পুত্ৰৰ ফুটবল খেলৰ আংশিক ভিডিঅ’ কিছুমান বিশ্ববাসীয়ে দেখিছে আৰু তাত তেওঁ প্ৰসিদ্ধ ফুটবলাৰ হোৱাৰ প্ৰতিভা স্পষ্ট ৰূপত জিলিকি উঠিছে। পিতৃৰ দৰেই তেওঁৰো ভৰিৰ কলা একেই।

ক্ৰিশ্চিয়ানো ৰোনাল্ডোৰ পাৰ্নাৰ জৰ্জিনা ৰড্ৰিগেজে নিজেই জুনিয়ৰ ৰোনাল্ডোৰ মেন ইউনাইটেডত যোগ দিয়াৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। অন্তিম ২৪ ঘন্টাত প্ৰায় ৫০লাখৰ ওপৰত মানুহে লাইক কৰিছে সেই ছবি।

পুত্ৰৰ মনৰ ইচ্ছাৰ প্ৰতি সকলো সময়তে সমৰ্থন আগবঢ়াই যাব বুলি ঘোষণা কৰা পৰ্তুগীজ কিংবদন্তিগৰাকীৰ পুত্ৰই অৱশেষত তেওঁকেই অনুসৰণ কৰাত নিশ্চত গৰ্বিত হ’ব।

উল্লেখ্য যে যোৱা বছৰ ছেপ্টেম্বৰ মাহত জুভেন্টাছ ত্যাগ কৰি ৰোনাল্ডোৱে অ’ল্ড ট্ৰেফ’ৰ্ডলৈ উভতিছিল। ১২ বছৰ পিছত পুৰণি ক্লাৱলৈ প্ৰত্যাৱৰ্তন কৰিছে উটবলৰ মহাতাৰকাগৰাকী। তেওঁ পুনৰ এবাৰ মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলিছে।         

Related News