NORTHEAST NOW (Assamese)

উত্তেজনাপূৰ্ণ খেলত ঘানাক ৩-২ ব্যৱধানত পৰাস্ত কৰি বিশ্বকাপ অভিযান আৰম্ভ ৰোনাল্ডোৰ পৰ্তুগালৰ

November 25, 2022 9:10 am · এন ই নাও নিউজ, গুৱাহাটী

ঘানাৰ বিৰুদ্ধে বিশ্বকাপৰ প্ৰথমখন খেলত পৰ্তুগাল ৩-২ গ’লত বিজয়ী হৈছে। পৰ্তুগাল আৰু আফ্ৰিকাৰ দেশ ঘানাই বৃহস্পতিবাৰে চলিত বিশ্বকাপৰ তেওঁলোকৰ প্ৰথমখন খেলত অৱতীৰ্ণ হয়। প্ৰথমাৰ্ধৰ শেষ, কোনো দলে লক্ষ্য চুব নোৱাৰিলে। কিন্তু দ্বিতীয়াৰ্ধত আক্ৰমণ-প্ৰত্যাক্ৰমণত খেলখনত যথেষ্ট উত্তেজনাপূৰ্ণ হৈ পৰে।

খেলখনৰ আৰম্ভণিৰ পৰাই ঘানাৰ প্ৰতিৰক্ষাত ৰোনাল্ডো-ফেলিক্স-কেঞ্চেলোৰাই আক্ৰমণৰ জোৱাৰ তুলিছিল। খেলখনৰ ১০ মিনিটত পৰ্তুগাল আগবাঢ়িব পাৰিলেহেঁতেন। খেলপথাৰৰ মাজভাগৰ পৰা বাৰ্নাৰ্ডো চিলভাই ডি বক্সত ওপৰেৰে শ্বট মাৰে। ৰোনাল্ডো ঘানাৰ ডিফেণ্ডাৰৰ সন্মুখত আছিল। তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। তেওঁ গ’লৰক্ষকৰ সৈতে সংঘৰ্ষত মাটিত পৰি যায়। পৰ্তুগালে এটা সহজ সুযোগ হেৰুৱায়। খেলৰ ১৩ তম মিনিটতো তেওঁ কৰ্ণাৰৰ পৰা মৰা শ্বটটো হেড দিবলৈ জপিয়াই বল বাহিৰলৈ মাৰি পঠিয়ায়।

খেলৰ ৩১ মিনিটত জোয়াও ফেলিক্সৰ পাছটো ডি বক্সৰ বাওঁ কোণত থকা ৰোনাল্ডোৰ ওচৰলৈ আহে। দুয়োজন ডিফেণ্ডাৰক পৰাস্ত কৰাৰ পিছত ক্ৰছ শ্বটেৰে বলটো নেটত প্ৰৱেশ কৰায়। কিন্তু তেওঁ বলটো নিজৰ নিয়ন্ত্ৰণত ল’বলৈ গৈ ফাউল কৰে। সেয়ে গ’ল কৰিও সেয়া দলৰ পক্ষত আনিব নোৱাৰিলে। কিয়নো ফাউলৰ লগে লগে ৰেফাৰীয়ে হুইচেল বজায়। ৰোনাল্ডোৰ তেতিয়া একো উপায় নাছিল।

প্ৰথমাৰ্ধত পৰ্তুগীজসকলে বলটো ৭১ শতাংশ সময় বলৰ দখলত ৰখা স্বত্বেও গ’লৰ মুখ দেখা নাছিল। শেষত তেওঁলোকে কোনো গ’ল অবিহনে বিৰতিলৈ যাব লগা হয়।

অৱশ্যে বিৰতিৰ পিছত পৰ্তুগালে ৬৫ মিনিটত গ’ল লাভ কৰে। ৰোনাল্ডোৱে পেনাল্টিৰ পৰা এটা গ’ল কৰি দলটোক আগুৱাই নিয়ে। কিন্তু ঘানাই ৰোনাল্ডোৰ গ’লটো ঘূৰাই দিবলৈ বেছি সময় নালাগিল। ৭৩ মিনিটত তেওঁলোকে ১-১ লৈ উভতি আহে। পৰ্তুগালৰ দুৰ্বল প্ৰতিৰক্ষাৰ সুযোগ লৈ ঘানাৰ অধিনায়ক আন্দ্ৰে আয়ুৱে সহজে গ’লটো কৰি ঘানাক সমতালৈ ঘূৰাই আনে।

কিন্তু ঘানা সমতালৈ উভতি অহাৰ প্ৰায় লগে লগে পৰ্তুগালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। ৭৮ মিনিটত জোয়াও ফেলিক্সে এটা সুন্দৰ গ’ল কৰি ২-১ গ’লত সমতা অৰ্জন কৰে। দুই মিনিটৰ পিছত ৰাফেল লিয়াওৱে পাৰ্থক্যটো ৩-১ কৰি দিয়ে।

অৱশ্যে, খেলৰ ৮৯ মিনিটত উছমান বুখাৰীৰ গ’লৰ ফলত ব্যৱধান ৩-২ লৈ হ্ৰাস হয়। ইয়াৰ পূৰ্বে পৰ্তুগালৰ প্ৰশিক্ষক ফাৰ্নাণ্ডো চেণ্টোছে ৰোনাল্ডোক খেলপথাৰৰ পৰা অঁতৰাই নিছিল। অতিৰিক্ত ৯ মিনিটত ঘানাই দুটা গ’লৰ সুযোগ সৃষ্টি কৰে যদিও সেয়া ফলাফলত পৰিণত কৰিব নোৱাৰিলে। অৱশেষত পৰাজয় স্বীকাৰ কৰিয়েই ঘানা খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হয়।

Related News