ওদালগুৰিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ চিআৰপিএফৰ

Free sports goods being distributed by 136 Bn of CRPF

ওদালগুৰি জিলাৰ ৰৌতাত চিআৰপিএফে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰিছে। দৰং আৰু ওদালগুৰিকে ধৰি নামনি অসমৰ বহু কেইখন জিলাত নিয়োজিত হৈ থকা চিআৰপিএফৰ ১৩৬ বেটেলিয়নে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিনামূলীয়াকৈ খেলৰ সামগ্ৰীখিনি বিতৰণ কৰে।

সামগ্ৰীখিনি বিতৰণ কৰাৰ বাবে ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত চিআৰপিএফৰ ১৩৬ বেটেলিয়নৰ নলবাৰী প্ৰধান কাৰ্যালয়ৰ কামাণ্ডেণ্ট পিচি চৌহান উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থকা স্থানীয় সুধীবৃন্দৰ মাজত শিক্ষক, অভিভাৱক আৰু অন্যন্য কৰ্মচাৰীসকল উপস্থিত আছিল।

ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফুটবল, ভলীবল, বেডমিণ্টন, ক্ৰিকেটৰ সামগ্ৰী বিতৰণ কৰা হয়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি কামাণ্ডেণ্ট চৌহানে কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰাৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলে খেলৰ ক্ষেত্ৰত নিজৰ নিজৰ উৎকৰ্ষতা সাধন কৰাটো।

তেওঁ পাছত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকক নিয়মীয়া পঢ়া-শুনাৰ লগতে এটা ক্ৰীড়া সংস্কৃতিৰ পৰিৱেশ গঢ়ি তুলিবলৈ উপদেশ দিয়ে।

হিমা দাসৰ উদাহৰণ দাঙি ধৰি তেওঁ ছাত্ৰীসকলকো আগবাঢ়ি আহি দেশৰ হৈ খেলি গৌৰৱ কঢ়িয়াই আনিবলৈ উৎসাহিত কৰে।