NORTHEAST NOW (Assamese)

স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি মঙলদৈৰ ‘ক্ৰিষ্টেল ভিশ্যন’ৰ দ্বাৰা ভ্ৰাম্যমান ৰক্তদান শিবিৰৰ আয়োজন

August 14, 2018 7:32 pm · ময়ূখ গোস্বামী
Updated: August 14, 2018 7:33 pm

বিগত ৭ বছৰৰ দৰে এইবাৰো মঙলদৈৰ ‘ক্ৰিষ্টেল ভিশ্যন’ নামৰ এটা বেচৰকাৰী সংস্থাই দৰং জিলা হেল্থ ছ’চাইটী, দৰং জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক ৰক্তদান সংসদৰ সহযোগত এটা ভ্ৰাম্যমান ৰক্তদান আৰু সচেতনতা শিবিৰৰ আয়োজন কৰে। স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি এই ৰক্তদান শিবিৰটোৰ আয়োজন কৰা হয়।

দৰেং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিৎ টি, এছএছবিৰ ৩৭ বেটেলিয়নৰ ড০ অজিত, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱেশ চন্দ্ৰ কাকতী আদি হৈছে ৰক্তদান শিবিৰটোৰ কেইগৰাকীমান লেখত ল’বলগীয়া ৰক্তদাতা। তেওঁলোকৰ উপৰিও আন আন ৫০গৰাকী ৰক্তদাতাই ৰক্তদান শিবিৰত ৰক্তদান কৰিছিল। ৰক্তদাতাসকলৰ মাজত শিক্ষক, এছএছবিৰ জোৱান, আৰক্ষীৰ লোক, বেচৰকাৰী সংস্থাৰ সদস্য, মহিলা, ছাত্ৰ-ছাত্ৰী আৰু অন্যন্য চাকৰীয়াল আছিল।

এই ভ্ৰাম্যমান ৰক্তদান শিবিৰটোত শীততাপ নিয়ন্ত্ৰণ সহ সকলো অত্যাধুনিক ব্যৱস্থা সম্বলিত আছিল।

ৰক্তদান শিবিৰটোত দৰঙৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন, ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, মঙলদৈ সৌৰ সভাৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ ৰূপলাল নুনিছা, দৰঙৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া ড০ নিৰ্মল কুমাৰ বেৰিয়া, মঙলদৈ ব্লাডবেংকৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ড০ দাউদ আলী আদি গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল।

মঙলদৈৰ বিজেপিৰ সংখ্যালঘু আৰু যুৱ শাখাৰ সমৰ্থনত ৰক্তদান সম্পৰ্কে সচেতনতা সৃষ্টিৰ বাবে মঙললদৈ চহৰৰ মাজেৰে এটা চাইকেল শোভাযাত্ৰা উলিওৱা হয়।

Related News