চেন্নাই ছুপাৰ কিংছে গঢ়িলে আন এক ইতিহাস, আই পি এলত এই কৃতিত্বৰ অধিকাৰী হোৱা প্ৰথমটো দল

চলিত আই পি এলত নিৰাশাজনক প্ৰদৰ্শন দাঙি ধৰা মহেন্দ্ৰ সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছ দলে অৱশেষত জয়ৰ মুখ দেখিবলৈ সক্ষম হৈছে।

মঙলবাৰে খেলা মেচখনত চেন্নাইয়ে ছানৰাইজাৰ্ছ হায়দৰাবাদক ২০ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়।

এই জয়ৰ পিছতে চেন্নাইয়ে এক অনবদ্য অভিলেখ গঢ়িবলৈ সক্ষম হয়। আই পি এলৰ ইতিহাসত ছানৰাইজাৰ্ছৰ বিৰুদ্ধে এয়া দশম সংখ্যক জয় চেন্নাই দলৰ।

আই পি এলৰ ইতিহাসৰ চেন্নাইয়ে একমাত্ৰ দল যিয়ে প্ৰতিটো বিৰোধী দলৰ বিৰুদ্ধে দহ বা তাতোকৈ অধিকবাৰ বিজয়ী হৈছে।

চেন্নাই ছুপাৰ কিংছৰ বাহিৰে কোনো এটা দলে এই বিশেষ কীৰ্তিমান গঢ়িবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে মঙলবাৰৰ মেচখনত চেন্নাইয়ে প্ৰথমে বেট ধৰি ছানৰাইজাৰ্ছক ১৬৮ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

ইয়াৰ প্ৰত্যুত্তৰত ছানৰাইজাৰ্ছে নিৰ্ধাৰিত অভাৰত ৮ উইকেট বিনিময়ত মাত্ৰ ১৪৭ ৰানহে সংগ্ৰহ কৰে। আৰু এইদৰে মেচখন ২০ ৰানত পৰাস্ত হয়।

চলিত ছিজনত চেন্নাইয়ে খেলা ৮খন মেচৰ এয়া তৃতীয় বিজয়। পাঁচখন মেচত পৰাস্ত হোৱা চেন্নাই বৰ্তমান পইণ্টছ টেবুলৰ ছয় নম্বৰ স্থানত আছে।