শ্ৰীলংকাত প্ৰধানমন্ত্ৰীৰ ঘৰ আক্ৰমণ কৰা প্ৰতিবাদকাৰীলৈ সেনাৰ গুলী, সান্ধ্য আইন জাৰি

পুনৰ উত্তপ্ত হৈ পৰিছে শ্ৰীলংকা। দ্বীপ ৰাষ্ট্ৰ খনত সেনাৰ গুলীত এজন প্ৰতিবাদকাৰী নিহত হোৱাৰ খবৰ পোৱা গৈছে। ইপিনে শ্ৰীলংকাত আজিৰে পৰা সান্ধ্য আইন জাৰি কৰা হৈছে। পুৱা ৫ বজালৈ চলি থাকিব সান্ধ্য আইন ।
কালি শ্ৰী লংকাত জৰুৰী অৱস্থা ঘোষণাৰ পিছতে  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শ্ৰীলংকাত প্ৰতিবাদকাৰী উন্মত্ত জনতাই ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ বাসভৱন দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহেই আৰু প্ৰশাসন চলাবলৈ সাহস কৰা নাই। শনিবাৰে তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল। তেওঁ ঘোষণা কৰে যে তেওঁ শ্ৰীলংকাত সৰ্বদলীয় চৰকাৰ গঠনত সহায় কৰিবলৈ পদত্যাগ কৰিছে।
অৱশ্যে বিক্ষুব্ধ প্ৰতিবাদকাৰীসকলে সেই ঘোষণাবোৰত ভোল নগ’ল। শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীৰ ঘৰটো জ্বলাই দিয়ে। মাত্ৰ কেইমাহমান পূৰ্বে ৰনিলৰ পূৰ্বসূৰী শ্ৰীলংকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষেৰ ঘৰটোও দেশখনৰ উন্মত্ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল।

কিছুদিন আগতে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ প্ৰাসাদত আক্ৰমণ কৰিছিল। ৰাষ্ট্ৰপতিৰ প্ৰাসাদলৈ যোৱা প্ৰতিটো ৰাস্তা মানুহেৰে ঠাহ খাই পৰিছিল। কোনো নিৰাপত্তাৰক্ষীৰ ইয়াক চম্ভালিবলৈ ক্ষমতা নাছিল।

আৰক্ষীৰ হাতত সংবাদ মাধ্যমৰ কৰ্মীও আঘাতপ্ৰাপ্ত হোৱাৰ খবৰৰ বাবে তেওঁ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰি কয়, “ৰনিল বিক্ৰমসিংহে প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰাৰ সময়ত নিৰাপত্তাবাহিনীৰ দ্বাৰা সাংবাদিকসকল আহত হোৱাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে। শ্ৰীলংকাত সংবাদ মাধ্যমৰ স্বাধীনতা সৰ্বাধিক গুৰুত্বপূৰ্ণ।‘’

অৱশ্যে জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰী বিক্ৰমাসিংহেই পদত্যাগ কৰা ঘোষণাৰ এই টুইটবোৰ দ্বীপৰাষ্ট্ৰখনৰ বাসিন্দাসকলে কোনো গুৰুত্বই নিদিলে। দৰাচলতে তেওঁলোকে শ্ৰীলংকাৰ সদ্য পদত্যাগী প্ৰধানমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ চলায়। ৰনিল বিক্ৰমসিংহেৰ ঘৰত অগ্নিসংযোগ কৰে। উপস্থিত আৰক্ষী বাহিনী কাষত থিয় হৈ মাথো চাই ৰৈছিল, কিয়নো আগবাঢ়ি আহি উন্মত্ত জনতাক বাধা দিবলৈ তেওঁলোকৰ সাহস নাছিল।