সাময়িকভাৱে সান্ধ্য আইন শিথিল গুৱাহাটীত; ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে পৰিস্থিতি

0bfa5ec1-25d3-4df4-8947-82b91064e685-1140x570

নাগৰিকত্ব আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদৰ ফলত প্ৰায় তিনিদিন ধৰি অচল হৈ পৰা গুৱাহাটী মহানগৰী আজি সামান্য প্ৰাণ চঞ্চল হৈ পৰা দেখা গৈছে।

সান্ধ্য আইনৰ কবলত থকা মহানগৰীত আজি জিলা প্ৰশাসনে সাময়িকভাৱে পুৱা ৯বজাৰ পৰা বিয়লি ৪বজালৈকে সান্ধ্য আইন শিথিল কৰি দিছে।

প্ৰায় তিনিদিন ধৰি গৃহবন্দী হৈ থকাৰ পাছত আজি পুৱাৰে পৰা মহানগৰবাসীয়ে ৰাস্তালৈ ওলাই আহি অত্যাৱশ্যকীয় সামগ্ৰী আহৰণৰ লগতে স্বাভাৱিক পৰিস্থিতিৰ উমান লোৱাৰ চেষ্টা কৰিছে।

মহানগৰীৰ তেল ডিপ’সমূহো আজি খোলা দেখা গৈছে। দুই এখন যাত্ৰীবাহী বাছৰ চলাচলৰ লগতে ব্যক্তিগত বাহনৰ চলাচল আৰম্ভ হৈছে।

পুৱাৰে পৰা মুকলি আকাশৰ তলত মহানগৰবাসীয়ে চলাচল আৰম্ভ কৰি দিছে আৰু সুৰক্ষা বাহিনীৰ লোকসকলে বিভিন্ন স্থানত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিছে।

ইপিনে, ডিব্ৰুগড়তো আজি পুৱা ৮বজাৰ পৰা বিয়লি ২ বজালৈকে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে।

আশা কৰা হৈছে যে ৰাজ্যখনৰ সান্ধ্য আইন অধ্যুষিত অঞ্চলসমূহত শীঘ্ৰেই স্বাভাৱিক জীৱন যাত্ৰা ঘুৰি আহিব।