• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ্ষান্ত বিশেষ ২০২৩ : বিদায়ী বৰ্ষটোৰ বহুচৰ্চিত কিছু গুৰুত্বপূৰ্ণ ঘটনা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 31, 2023 12:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাল বেয়াৰ মাজেৰে আমাৰ দেশখনে এটা পুৰণি বৰ্ষ পাৰ কৰি ভৰি দিবলৈ ওলাইছে এটা নতুন বৰ্ষত। এই সময়ত পিছলৈ ঘূৰি চালে অনুভৱ হয় যে ২০২৩ চনটোত দেশত সংঘটিত হ’ল বিভিন্ন ধৰণৰ ঘটনা। ঘাত-প্ৰতিঘাতৰ মাজেদিয়েই নতুন আশাৰে নতুন বৰ্ষটোক আকোৱালি ল’বলৈ আগবাঢ়িছে দেশবাসী।

নতুন সংসদ ভৱন উদ্বোধন, দুটাকৈ সফল মহাকাশ অভিযান, উত্তৰকাশীত সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকৰ উদ্ধাৰৰ বাবে চলোৱা শ্বাসৰুদ্ধকৰ তথা ফলপ্ৰসূ উদ্ধাৰ অভিযান, মণিপুৰত শ শ লোকৰ প্ৰাণ হানি হোৱা জনগোষ্ঠীয় হিংসা, একাধিক প্ৰাকৃতিক দুৰ্যোগ আৰু দুৰ্ঘটনাত সংঘটিত লোকৰ মৃত্যু, কেইবাখনো বিধেয়ক পাছ, ৰাজনৈতিক অৰিয়াঅৰি, যৌন নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিয়া দেশৰ মল্লযুঁজাৰুসকলৰ খবৰকে ধৰি ২০২৩ চনত অনেক ঘটনাৰ সাক্ষী হৈ ৰ’ল দেশবাসী।

জানুৱাৰী

২০২৩ চনৰ আৰম্ভণিতেই কঁপি উঠিছিল ভাৰতবৰ্ষ। কাৰণ দেশত কেইবাগৰাকীও ভাৰতীয় মল্লযুঁজাৰুৱে বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে অসৎ যৌন আচৰণৰ অভিযোগ কৰি ৰাজপথত নামি পৰিছিল। তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে জপিয়াই পৰিছিল নৰেন্দ্ৰ মোদীৰ সামৰিক বাহিনী। বিনেশ ফ’গাট, সাক্ষী মালিক, বজৰং পুনিয়া আদিৰ নেতৃত্বত কেইবাজনো মল্লযুঁজাৰুৱে নতুন দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা দি ডব্লিউ এফ আই ভংগ কৰা, ইয়াৰ সভাপতিক বৰ্খাস্ত কৰা, বিষয়টোৰ তদন্ত কৰা আদি দাবী জনাইছিল।

ফেব্ৰুৱাৰী

বাতিল হোৱা দিল্লীৰ আবকাৰী নীতিত সংঘটিত হোৱা অনিয়মৰ সন্দৰ্ভত কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ প্ৰায় ৮ ঘণ্টাৰ জেৰাৰ অন্তত দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াক গ্ৰেপ্তাৰ কৰা হয়। এই ঘটনাই বিশেষ ভাবে চৰ্চা লাভ কৰিছিল ফ্ৰেব্ৰুৱাৰী মাহত।

মাৰ্চ

উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যৰ নিৰ্বাচন আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা ঘটনাই সমগ্ৰ মাৰ্চ মাহত বাতৰিৰ শিৰোনাম দখল কৰিছিল।

লগতে এই মাহতেই ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে জয়ী হৈ মেঘালয় আৰু নাগালেণ্ডত শাসকীয় মিত্ৰজোঁটৰ কনিষ্ঠ অংশীদাৰ হিচাপে পুনৰ ক্ষমতালৈ আহিছিল। 

এই মাহৰ শেষৰ ফালে ৰাহুল গান্ধীক চুৰাটৰ আদালতে মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰাৰ এদিন পিছতে লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰাৰ ফলত কংগ্ৰেছ দলটোৱে তীব্ৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। 

এপ্ৰিল

এপ্ৰিলত ভাৰতে আনুষ্ঠানিকভাৱে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হৈছিল। চলিত বৰ্ষৰ মাজভাগলৈকে ভাৰতৰ জনসংখ্যাই ১৪২.৮৬ কোটি স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছিল।  

ইয়াৰ লগতে যোৱা ১৫ এপ্ৰিলত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত গেং ষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক আৰক্ষী জোৱান আৰু সংবাদ মাধ্যমৰ উপস্থিতিত গুলীয়াই হত্যা হৈছিল। ইয়াৰ কিছুদিন পিছত উগ্ৰ শিখ তথা ৱাৰিছ পঞ্জাৱ ডিৰ মুৰব্বী অমৃতপল সিঙক গ্ৰেপ্তাৰ কৰা হৈছিল। 

মে’

সদৌ জনজাতি ছাত্ৰ সন্থাই ৩ মে’ত আহ্বান কৰা ‘জনজাতি সংহতি মাৰ্চ’ৰ কালছোৱাতে মণিপুৰৰ বিভিন্ন স্থানত হিংসাত্মক সংঘৰ্ষৰ সূচনাৰে মাহটোৰ আৰম্ভণি হৈছিল। ইয়াত তিনিগৰাকী মহিলাক ৰাজপথত উলংগ পেৰেড কৰাই ধৰ্ষণ কৰা হৈছিল।

এই মাহটোৰ শেষৰ ফালে ভাৰতে এটা নতুন সংসদ ভৱন লাভ কৰিছিল।

জুন

২ জুনত বাহানাগা বজাৰ ষ্টেচনৰ ওচৰত চেন্নাই অভিমুখী ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ, এছএমভিটি বেংগালুৰু-হাউৰা এক্সপ্ৰেছ আৰু এখন মাল ৰে’লৰ সৈতে সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত ২৮০ জনতকৈ অধিক লোকৰ মৃত্যু আৰু ৮৫০ জনতকৈ অধিক আহত হৈছিল।

জুলাই

মে মাহত মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি গণধৰ্ষণ কৰা ঘটনাৰ ভিডিঅ’ জুলাই মাহত সামাজিক মাধ্যমত বিয়পি পৰিছিল। এই ঘটনাই আন্তঃৰাষ্ট্ৰীয় মহলতো চৰ্চা লাভ কৰিছিল। ঘটনা সম্পৰ্কে মৌন হৈ থকাৰ বাবে বিশ্ববাসীয়ে নৰেন্দ্ৰ মোদীক কঠোৰ নিন্দা কৰিছিল।

ইয়াৰ লগতে হিমাচল প্ৰদেশত বিধ্বংসী ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতি হৈছিল । বিশেষকৈ মাণ্ডী, কুল্লু, মানালী, শিমলা আৰু কংগ্ৰাৰ কিছু অংশত বানপানী, ডাৱৰ বিস্ফোৰণ, ভূমিস্খলনৰ দৰে চৰম পৰিঘটনাই জীৱন আৰু সম্পত্তি ধ্বংস কৰিছিল। চৰকাৰৰ মূল্যায়ন অনুসৰি ইয়াৰ ফলত ৰাজ্যখনে ১২ হাজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈছিল। 

কিন্তু ইয়াৰ মাজতে মাহটোত চন্দ্ৰযান-৩ ৰ সফল উৎক্ষেপন হৈছিল।

আগষ্ট

চন্দ্ৰযান ৩ য়ে  ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰি ইতিহাস ৰচনা কৰিছিল।

লগতে এই মাহত ৰাজনৈতিক মঞ্চত ‘মোডী’ উপাধিক লৈ কৰা মন্তব্যক লৈ ২০১৯ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক সাংসদ  পদ বাহাল ৰাখিছিল।

ছেপ্টেম্বৰ

এই মাহত নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহৰ নেতাসকলে দেশত ভিৰ কৰিছিল। 

অক্টোবৰ

চিকিমৰ উত্তৰ-পশ্চিম দিশত ১৭ হাজাৰ ফুট উচ্চতাত অৱস্থিত দক্ষিণ লোনাক হ্ৰদত বৰষুণৰ বাবে সেনাবাহিনীৰ জোৱানকে ধৰি ৭০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল। ইয়াৰ ফলত ৪ অক্টোবৰত মংগন, গেংটক, পাকয়ং, নামচিকে ধৰি কমেও চাৰিখন জিলাত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছিল।

মাহটোৰ শেষৰ ফালে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰি কয় যে এইটো কেৱল বিধায়িনী দলেহে কৰিব পাৰে আৰু আদালতে তেনে কৰাৰ যিকোনো প্ৰচেষ্টা বিধায়িনী দলৰ বাবে নিৰ্ধাৰিত ক্ষেত্ৰখন বেদখল কৰাৰ সমান হ’ব।

নৱেম্বৰ

এই মাহত মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ।  তুমুল প্ৰচাৰৰ পৰা আৰম্ভ কৰি নিৰ্বাচনৰ প্ৰতিশ্ৰুতিলৈকে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ আগত নিজৰ শক্তি দেখুৱাবলৈ দলসমূহে সকলো প্ৰচেষ্টা চলাইছিল।

এই মাহতে ভাৰতে এদিনীয়া বিশ্বকাপ জয়ৰ পৰা বঞ্চিত হোৱাত সকলো ভাৰতীয়ৰ মন বিষাদেৰে ছানি ধৰিছিল।

কিন্তু চলিত মাহত উত্তৰাখণ্ডত সুৰংগ ভাঙি পৰাৰ পিছত আবদ্ধ হৈ পৰা ৪১ জন শ্ৰমিকক ড্ৰিল আউট কৰাৰ বাবে কৰা বৃহৎ উদ্ধাৰ অভিযান চলিছিল। উদ্ধাৰকাৰীয়ে ৪০০ ঘন্টাৰো অধিক সময় অভিযান চলাই আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰিছিল। 

ডিচেম্বৰ

৩ আৰু ৪ ডিচেম্বৰত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামত নতুন চৰকাৰ গঠন হৈছিল। 

সংসদ আক্ৰমণৰ ২২ বছৰৰ অন্তত আকৌ  ১৩ ডিচেম্বৰত সংসদত আক্ৰমণ হৈছিল। দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা লোকসভা চেম্বাৰত জপিয়াই কেইবাজনো লোকে কন্দুৱা গেছেৰে আক্ৰমণ কৰিছিল। ইয়াৰ বাবে সংসদৰ নিৰাপত্তাক লৈ প্ৰশ্ন তোলাত ১৪৬ গৰাকী সাংসদক দুইখন সদনৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

September 9, 2025 7:30 pm
হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

September 9, 2025 7:02 pm
এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

এলোপেথী সন্দৰ্ভত ৰামদেৱৰ মন্তব্য : উচ্চতম ন্যায়ালয়ত চূড়ান্ত প্ৰতিবেদন দাখিল ছত্তীশগড় আৰক্ষীৰ

September 9, 2025 6:30 pm
২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

২০২৯ চনত দেশৰ প্ৰধানমন্ত্ৰী হ’ব ৰাহুল গান্ধী! আত্মবিশ্বাসী কংগ্ৰেছ নেতা শিৱকুমাৰ

September 9, 2025 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

বানাক্ৰান্তৰ বাবে ২৫ হাজাৰকৈ বৰঙণি আগবঢ়াব মুখ্য ন্যায়াধীশ গাভাইকে ধৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলে

September 9, 2025 7:30 pm
হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

হায়াৰ ছেকেণ্ডেৰীত কিমান শতাংশ নম্বৰ লাভ কৰিলে লাভ কৰিব স্কুটি? মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

September 9, 2025 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd