নিখাত জাৰিন আৰু শৰৎ কমলে বহন কৰিব কমনৱেলথৰ সামৰণি অনুষ্ঠানত ভাৰতীয় ধ্বজা

Commonwealth Games closing ceremony

আজি সামৰণি পৰিব চলিত বাৰ্মিংহাম কমনৱেলথ গেমছৰ। আজি সামৰণি অনুষ্ঠানৰ পেৰেডত ভাৰতীয় পতাকাবাহক হিচাপে তাৰকা টেবুল টেনিছ খেলুৱৈ শৰৎ কমল আৰু বক্সাৰ নিখাত জাৰিনক মনোনীত কৰা হৈছে।

৪০ বৰ্ষীয় শৰৎ কমলে কমনৱেলথৰ চলিত সংস্কৰণত চাৰিটা পদক লাভ কৰিছে। পুৰুষৰ দলীয় শাখাৰ লগতে মিক্সড শাখাত স্বৰ্ণ অৰ্জন কৰিছে তাৰকাগৰাকীয়ে।

আনহাতে পুৰুষৰ ডাবলছতো ৰূপৰ পদক লাভ কৰিছে কমলে। তদুপৰি পুৰুষৰ চিংগলছতো ইতিমধ্যে পদক নিশ্চিত কৰিছে তাৰকা গৰাকীয়ে। আজি চিংগলছৰ স্বৰ্ণ জয়ৰ লক্ষ্যৰে ফাইনেলত অৱতীৰ্ণ হ’ব কমল।

ইফালে দেওবাৰে মহিলাৰ ৫০ কিলোগ্ৰাম লাইট ফ্লাইৱেট ইভেণ্টত সোণৰ পদক অৰ্জন কৰিছিল জাৰিনে। ইতিমধ্যে কিংবদন্তী বক্সাৰ মেৰীকমৰ উত্তৰসুৰী হিচাপে চৰ্চিত হোৱা জাৰিনে মে’ মাহত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল।

কমনৱেলথত ভাৰতীয় দলটোৰ ‘চেফ ডে মিছন’ ৰাজেশ ভাণ্ডাৰীয়ে সংবাদ মাধ্যমৰ আগত সামৰণি অনুষ্ঠানত নিখাত জাৰিন আৰু শৰৎ কমল ভাৰতৰ পতাকাবাহক হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ২৮ জুলাইৰ পৰা আৰম্ভ হোৱা বাৰ্মিংহাম কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু আৰু পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিং ভাৰতীয় ধ্বজা বহন কৰিছিল।