মাৰ্ঘেৰিটাত ডাম্পাৰৰ খুন্দাত থিতাতে প্ৰাণ গ’ল চাইকেল আৰোহীৰ

Accident-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ  মাৰ্ঘেৰিটাৰ চাৰিআলিস্থিত ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথত আজি দিনৰ প্ৰায় ১০ বজাত এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হয়।  এ এছ ২৩ চি চি ০০২১ নম্বৰৰ এখন তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। যাৰ ফলত ৰাতিপুৱা ভাগত সমগ্ৰ অঞ্চলটোতে এক শোকাকূল পৰিৱেশে বিৰাজ কৰে।

উল্লেখ্য যে ডাম্পাৰখনে চাইকেল আৰোহীজনক ইমানেই জোৰত খুন্দিয়াইছিল যে চাইকেল আৰোহীজনৰ শৰীৰৰ বিভিন্ন অংশ সিচৰিত হৈ পৰিছিল পথৰ ওপৰত। যাৰ ফলত থিতাতে মৃত্যুমুখত পৰা চাইকেল আৰোহীজনক প্ৰথম অৱস্থাত চিনাক্ত কৰিবলৈ কিছু কঠিন হৈছিল যদিও পাছত কেটেতঙৰ ২নং নকং পথাৰ গাঁৱৰ অনিল পাটনায়ক ( ৩৮ বছৰ) বুলি চিনাক্ত কৰা হয়।

ইফালে জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত কৰিয়ে ডাম্পাৰখন সহিতে ড্ৰাইভাৰজনে মাৰ্ঘেৰিটা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

উল্লেখযোগ্য যে শিল-বালি আদি কঢ়িওৱা ডাম্পাৰ আৰু চাহ পাত কঢ়িওৱা গাড়ীৰ দৌৰাত্ম্যৰ বাবেই এনেধৰণৰ সাধাৰণ নিৰীহ লোকসকল বলি হৈ আহিছে বুলি স্থানীয় লোকসকলে মন্তব্য কৰে। এনে তীব্ৰ বেগী যান-বাহন সমূহৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা নল’লে এনে ধৰণৰ দুৰ্ঘটনাৰ দৰে ঘটনা সংঘটিত হৈ থকাৰ সম্ভাৱনা প্ৰতিদিনে বৃদ্ধি পাই আহিব বুলি সদৰী কৰে স্থানীয় লোকসকলে।