নিভাৰ ধুমুহাৰ সংহাৰৰ আশংকাত কঁপিছে তামিলনাডু, মোদীৰ সহায়ৰ আশ্বাস

পুডুচেৰীত আজি নিশা ৯ বজাৰ পৰা ১৪৪ ধাৰা জাৰি ,তামিলনাডুত কাইলৈ চৰকাৰী বন্ধ ঘোষণা

a Cyclone-Nivar

বিপদৰ উপৰি বিপদে যেন জুমুৰি দি ধৰিছে উপকূলীয় ৰাজ্য তামিলনাডুৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহক।

নিভাৰ নামৰ শক্তিশালী সাগৰীয় ধুমুহাজাকে ঘণ্টাত প্ৰায় ১১০ কিলোমিটাৰ বেগেৰে তামিলনাডু আৰু পুডুচেৰী অভিমুখে ধাৱমান হৈছে।

ধুমুহাজাকে নিশাৰ ভিতৰতে মহাসংহাৰৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ চেন্নাইস্থিত কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নিভাৰ  ধুমুহাই তামিলনাডুকে ধৰি পুডুচেৰীৰ বিস্তীৰ্ণ অঞ্চলত সংহাৰৰ সৃষ্টি কৰিব।

ধুমুহাজাকৰ আগমণৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ কুডালৰ আৰু চিদাম্বৰম অঞ্চলত ৬ টা এনডিআৰএফ বাহিনীৰ দল সাজু কৰি ৰখা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে।

সাগৰৰ কাষৰীয়া ৰাজ্য ওড়িশাতো নিভাৰ ধুমুহাৰ প্ৰভাৱ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

২৫ নৱেম্বৰৰ দিনা ধুমুহা জাকে তামিলনাডুৰ মাল্লাপুৰম অঞ্চল পাৰ হৈ যাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে।

ধুমুহাৰ আগমণৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাবে সাগৰত মাছ মৰা নিষিদ্ধ কৰা হৈছে।

পুডুচেৰীত আজি নিশা ৯ বজাৰ পৰা ১৪৪ ধাৰা জাৰি কৰি সকলো লোককে ঘৰৰ ভিতৰত থাকিবলৈ কোৱা হৈছে। নিভাৰ ধুমুহাৰ আগমণৰ বাবেই বুধবাৰৰ দিনটো তামিলনাডু চৰকাৰে বন্ধৰ দিন হিচাবে ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংকটৰ সময়ত সকলোকে ধৈৰ্য ধৰিবলৈ কোৱাৰ লগতে প্ৰয়োজনীয় সকলো সহায়ৰ আশ্বাস দিছে।