NORTHEAST NOW (Assamese)

চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি বিশ্বনাথৰ জিনজিয়াত ভয়ংকৰ অগ্নিকাণ্ড

March 14, 2022 11:07 am · কাজী জেইদুল ইছলাম,বিশ্বনাথ

আজি পুৱাই বিশ্বনাথৰ জিনজিয়াত ঘটিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

অঞ্চলটোৰ পল্টন বছাক নামৰ ব্যক্তি গৰাকীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

দুটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাৰ ফলত লগা জুইত ঘৰৰ সকলো সা সামগ্ৰী জ্বলি চাৰখাৰ হয়।

এই অগ্নিকাণ্ডত কেইবাটাও পশুধন, হাঁহ কুকুৰাও জ্বলি ভস্মীভূত হয় ৷

স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হয় যদিও পল্টন বছাকৰ নগদ ৩ লাখ টকাৰ লগতে প্ৰায় ৭ লাখ টকাৰ সামগ্ৰী জ্বলি ছাই হৈ যায়।

Related News