আজি পুৱাই বিশ্বনাথৰ জিনজিয়াত ঘটিল ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
অঞ্চলটোৰ পল্টন বছাক নামৰ ব্যক্তি গৰাকীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড ৷
দুটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাৰ ফলত লগা জুইত ঘৰৰ সকলো সা সামগ্ৰী জ্বলি চাৰখাৰ হয়।
এই অগ্নিকাণ্ডত কেইবাটাও পশুধন, হাঁহ কুকুৰাও জ্বলি ভস্মীভূত হয় ৷
স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই নুমুৱাবলৈ সক্ষম হয় যদিও পল্টন বছাকৰ নগদ ৩ লাখ টকাৰ লগতে প্ৰায় ৭ লাখ টকাৰ সামগ্ৰী জ্বলি ছাই হৈ যায়।