বিশ্বনাথৰ কেলিফৰ্ণিয়া ৱাইন চপত দিন দুপৰতে ডকাইতিৰ ঘটনা

বিশ্বনাথ নগৰত সংঘটিত হল দিন ডকাইতিৰ ঘটনা।বিশ্বনাথ নগৰস্থিত কেলিফৰ্ণিয়া ৱাইন চপত সংঘটিত এই ঘটনা।উল্লেখ যে আজি বিশ্বনাথ নগৰস্থিত কেলিফৰ্নিয়া ৱাইন চপৰ কৰ্মচাৰী জয়ন্ত মেধিয়ে হাতৰ কাষতে নিজৰ বেগটো থৈ দোকানৰ তলা খুলি থকা সময়তে চোৰে কৌশলৰে বেগটো লৈ যায় ।

বেগটোৰ ভিতৰত লেপটপ, ম’বাইল, ৱাইন চপৰ বিভিন্ন নথি পত্ৰৰ লগতে নগদ ধন আছিল। তাৎপৰ্যপূৰ্ণ কথা হ’ল যে এই ঘটনা সংঘটিত কৰা চোৰে সম্পূৰ্ণ এই ঘটনা পৰিকল্পনা কৰি কৰাৰ তথ্য পোহৰলৈ আহিছে।কাৰণ প্ৰতিদিনে এঘাৰ বজাত খোলা এই ৱাইন চপখনৰ লগাই ৰখা তলাত এই ঘটনা সংঘটিত কৰা লোকে পূৰ্বৰ পৰাই ফেভি কুইক দি থৈছিল।

যাৰ বাবে ৱাইন চপৰ কৰ্মচাৰীজনে নিজৰ পিছফালে উক্ত বেগ থৈ তলা খুলিবলৈ যুঁজি থকাৰ সময়তে দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰিবলৈ সক্ষম হৈছে। দৰচলাতে এক কথাত কবলৈ গলে এই ঘটনা চুৰি কাৰ্যৰ ঘটনা নহয়, ইয়াক দিন ডকাইতি বুলি কব লাগিব।

আনফালে উক্ত ৱাইন চপত চি চি ফুটেজ আছে যদিও চোৰে ইমান কৌশলৰে এই কাম যে ঘটনা সংঘটিত কৰা দুষ্কৃতিকাৰীৰ মুখমণ্ডল কেমেৰাত আবদ্ধ কৰিবলৈ সক্ষম নহল।

যোৱা নিশা বিশ্বনাথ নগৰৰ এখন ৱাইন বাৰ আৰু এখন ইলেকট্ৰিক সামগ্ৰীৰ দোকানতো চোৰে চাফাই অভিযান চলায়।ইতিমধ্যে ভোক্তভোগীয়ে বিশ্বনাথ সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে যদিও বিশ্বনাথ আৰক্ষীৰ সোপা-ঢিলা স্থিতিৰ বাবে এনে ধৰণৰ ঘটনা প্ৰতিদিনে সংঘটিত হবলৈ ধৰিছে ।