• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জুনু শৰ্মা হত্যাকাণ্ড : মাত্ৰ এটা চহীতে কৃষকক ঋণ উলিয়াই দি সমানে এফাল লৈছিল বেংক বিষয়া আৰু এজেণ্টে

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
October 15, 2018 7:28 pm
Junu-Sarmah-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবা কোটি টকীয়া বিত্তীয় কেলেংকাৰি গাপ দিবলৈ হত্যা কৰা হ’ল বেংক বিষয়া জুনু শৰ্মাক। বিষয়াগৰাকীৰ হত্যাৰ ৬ দিন পিছত আৰক্ষীৰ তদন্তত নিশ্চিত হৈছে এই কথা।

বেংক বিষয়াগৰাকীৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনিজন আভিযুক্তৰ ভিতৰতে আছে হত্যাকাণ্ডটোৰ মাষ্টাৰমাইণ্ড। নৰ্থ-ইষ্ট নাওক তদন্তকাৰী আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে, জেৰাত বহুবোৰ চাঞ্চল্যকৰ তথ্য লাভ কৰা গৈছে।

আৰক্ষীয়ে দিয়া তথ্যমতে, বিগত সময়ছোৱাত এছ বি আইৰ দদৰা শাখাত সংঘটিত হৈছিল বৃহৎ পৰিমাণৰ ঋণ কেলেংকাৰি। শাখাটোৰ অভিযুক্ত বিষয়া সুনীল কুমাৰ মিশ্ৰ আৰু এজেণ্ট পুতুল আলীয়ে মিলি কামৰূপ জিলাখনৰ হাজো ৰাজহ চক্ৰৰ বহু কৃষকৰ পৰা কে চি চি ঋণৰ নামত সংগ্ৰহ কৰিছিল কোটি কোটি টকা।

আনহাতে বেংকৰ শাখাটোৰ পৰাও বহু কৃষকৰ নামত ঋণ উলিয়াই তাৰে সিংহভাগ নিজৰ বাবে ৰাখি সামান্য অংশহে কৃষকক দিছিল। এই কামত পুতুল আলীৰ লগতে জড়িত আছিল উদ্ধৱ দাস নামৰ আন এজন।

আজি আৰক্ষীয়ে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে এইবোৰ গুৰুত্বপূৰ্ণ কথা। আৰক্ষীৰ মতে, গোটেই প্ৰক্ৰিয়াটোত হিতাধিকাৰীক অন্ধকাৰত ৰাখি প্ৰৱঞ্চনাৰে কৃষকৰ মাথোঁ চহীটো লৈয়ে কোটি কোটি টকা বেংকৰ পৰা সৰকাই নিছিল।

উল্লেখযোগ্য যে অভিযুক্ত আৰু বৰ্তমান আৰক্ষীৰ জিম্মাত থকা পুতুল আলী দদৰা শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ দায়িত্বত আছিল। আনহাতে শাখাটোৰ তদানীন্তন বিষয়া সুনীল কুমাৰ মিশ্ৰৰ এই বিত্তীয় খেলিমেলিৰ বাবেই গুৱাহাটীলৈ শাস্তিমূলক বদলি হৈছিল। আৰক্ষীয়ে সন্দেহ কৰামতে, এই কেলেংকাৰিৰ আঁৰত বেংকটোৰ ভিতৰৰ আৰু বাহিৰৰ কেইবাজনো লোক জড়িত হৈ থকা এটা বৃহৎ চক্ৰ থাকিব পাৰে।

মন কৰিব লগীয়া যে সুনীল কুমাৰ মিশ্ৰৰ বদলিৰ পিছত পদোন্নতিৰ সূত্ৰে ঋণৰ কামবোৰ জুনু শৰ্মাই চোৱাচিতা কৰিছিল। দায়িত্ব লোৱাৰ পিছত এখন আৰ টি আইৰ উত্তৰ দিবলৈ জুনু শৰ্মাই এইবোৰ তথ্যৰ মাজত চকু ফুৰাওঁতে জুনু শৰ্মাই ধৰা পেলাইছিল সাংঘাতিক বিসংগতি। গতিকে জুনু শৰ্মাই এই কেলেংকাৰিটোৰ কথা গম পোৱা বাবেই তেওঁক হত্যা কৰা কথাটো এক প্ৰকাৰ নিশ্চিত হৈছে।

উল্লেখযোগ্য যে যোৱা ৯ অক্তোবৰত বিষয়া জুনু শৰ্মাক নিজৰ কৰ্তব্যৰ পৰা ঘূৰি আহি থাকোতে আগিয়াঠুঁৰিত মটৰ চাইকেলত অহা দুজন অচিনাক্ত লোকে তেওঁৰ গাড়ী ৰখাই গাড়ীৰ গ্লাছ ভাঙি পিষ্টলেৰে গুলীয়াই হত্যা কৰে।

জুনু শৰ্মাৰ হত্যাকাণ্ডৰ ঘটনাত আন দুজনক গ্ৰেপ্তাৰ

জুনু শৰ্মা হত্যকাণ্ডত জড়িত থকাৰ সন্দেহত তদন্তকাৰী আৰক্ষীয়ে আজি আৰু ২জনক গ্ৰেপ্তাৰ কৰিছে। নতুনকৈ গ্ৰেপ্তাৰ হোৱা দুজনৰ নাম ক্ৰমে ছাদ্দাম হুছেইন আৰু মণ্টু আলী। ইয়াৰে মণ্টু আলীৰ ঘৰ আগিয়াঠুঁৰিৰ ইছলামপুৰত আৰু ছাদ্দাম হুছেইনৰ হাজোত।

দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত আৰক্ষীয়ে হাজোৰ প্ৰথম শ্ৰেণীৰ আদালতত হাজিৰ কৰোৱায়। আদালতে দুইজনকে ১৩ দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে। এই দুজনকে ধৰি জুনু শৰ্মাৰ হত্যাকাণ্ডত গ্ৰেপ্তাৰৰ সংখ্যা ৫জন হ’ল।

 

মৃদুল প্ৰীতম ডেকা

মৃদুল প্ৰীতম ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd