কৰ’নাৰ চতুৰ্থ ঢৌৰ আশংকা! দেশত বিগত ২৪ ঘন্টাত ৬৬ শতাংশ বৃদ্ধি পালে দৈনিক সংক্ৰমণ

প্রতিনিধিত্বমূলক ফটো।

দেশত পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।তাৰ মাজতে কৰ’নাৰ চতুৰ্থ ঢৌৰ আশংকাও দেখা দিছে।

বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ২,০৬৭জন লোক কৰ’নাত আক্ৰান্ত হৈছে। মঙলবাৰে এই সংখ্যা আছিল ১,২৪৭জন।

ইয়াৰ ভিতৰত অকল দিল্লীতেই আক্ৰান্ত হৈছে ৬৩২জন লোক। যোৱা ২৪ ঘন্টাত প্ৰায় কৰ’না ৰোগীৰ সংখ্যা প্ৰায় ৬৬ শতাংশ বৃদ্ধি পাইছে। সেইদৰে, পজিটিভিটিৰ হাৰ ০.৪৯ শতাংশলৈ বৃদ্ধি পাইছে।

লগতে পঢ়ক: সুব্ৰমনিয়াম স্বামীৰ বিস্ফোৰণ! অৰ্থনীতিৰ পৰা ৰাষ্ট্ৰীয় সুৰক্ষালৈকে সকলোতে ব্যৰ্থ প্ৰধানমন্ত্ৰী মোদী

বৰ্তমান দেশত মুঠ কৰ’না ৰোগীৰ সংখ্যা হৈছে ১২,৩৪০জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৪০জন লোকৰ কৰ’নাত মৃত্যু হৈছে। মঙলবাৰে কৰ’নাত মাত্ৰ এজন লোকৰ মৃত্যু হৈছিল।

আনহাতে, বিগত ২৪ ঘন্টাত মুঠ ১,৫৪৭জন ৰোগী কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে।

লগতে পঢ়ক: প্ৰত্যুত্তৰ! ইউৰোপৰ ৩১গৰাকী কূটনীতিকক বহিস্কাৰ কৰিলে ৰাছিয়াই

দিল্লীত এদিনত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ২৬ শতাংশ বৃদ্ধি পাইছে। কেৰালাতো ২৪ ঘন্টাত ৪৮৮জন লোক কৰ’নাত আক্ৰান্ত হৈছে। দেশত যোৱা ২৪ ঘন্টাত কৰ’নাত মৃত্যু হোৱা মুঠ ৪০জন লোকৰ ভিতৰত ৩৪জনেই হৈছে কেৰালাৰ।