• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য: দেশৰ আত্মহত্যা কৰা ব্যক্তি এক চতুৰ্থাংশই দৈনিক মজুৰি কৰা শ্ৰমিক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 31, 2022 6:28 pm
নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য: দেশৰ আত্মহত্যা কৰা ব্যক্তি এক চতুৰ্থাংশই দৈনিক মজুৰি কৰা শ্ৰমিক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বিজেপি দলৰ প্ৰক্ষেপিত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ লগতে দলটোৰ প্ৰতিগৰাকী নেতাৰ মুখতে আখৈ ফুটাদি ফুটিছিল ‘বিকাশ’ৰ শ্ল’গান। ‘বিকাশ’ৰ এই চমকপ্ৰদ স্বপ্ন দেখুৱাই শাসনলৈ অহাৰ পিছত মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে দেশৰ জনসাধাৰণৰ সমুখত পুনৰ দাঙি ধৰিছিল “বিশ্বগুৰু ভাৰত” আন এক অভিলাসী স্বপ্ন।

সমগ্ৰ দেশবাসীৰ সন্মুখত এতিয়া বিজেপিৰ কৃপাত এই শ্ল’গানেৰে চমক। শাসনাধিষ্ঠ মোদী চৰকাৰে বিজ্ঞাপনৰ চকু চাট মৰা চমকেৰে দেশবাসীৰ চকুৰ সন্মুখত এনে এক ধাৰণাই গঢ়ি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে। প্ৰথমে ২০২২ চনৰ ভিতৰতে ভাৰতক বিশ্বগুৰু ৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰী মোদীয়ে অৱশ্যে বিগত স্বাধীনতা দিবসত এই বিশ্বগুৰুৰ সপোন ২০৪৭ চনলৈ পিছুৱাই দিয়ে।

বিকাশ, বিশ্বগুৰু এই চমক সৃষ্টিকাৰী বিয়াগোম বিয়াগোম শ্ল’গান পিছে কাৰ্যক্ষেত্ৰত হৈ পৰিছে ফুটুকাৰ ফেন। এই শ্ল’গান সমূহৰ অভিনৱ বিজ্ঞাপনৰ বাদে বিজেপি চৰকাৰৰ কাৰ্যকালত সমুখলৈ আহিছে সম্পূৰ্ণ এক ওলোটা ছবিহে। মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি দাৰিদ্ৰতা, বৰ্দ্ধিত নিবনুৱা সমস্যাৰ পৰা ক্ৰমবৰ্ধমান ভোকাতুৰৰ সংখ্যালৈ- এই সকলো তথ্যই ‘বিশ্বগুৰু ভাৰত’ৰ বিজ্ঞাপনৰ আঁৰত থকা প্ৰকৃত ভাৰতৰ ছবিখন স্পষ্টকৈ তুলি ধৰিছে।

শেহতীয়াকৈ চৰকাৰী সংস্থা নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে শেহতীয়াকৈ প্ৰকাশ কৰিছিল দেশত সংঘটিত হোৱা আত্মহত্যাৰ ঘটনাৰ তথ্য। এই তথ্যত প্ৰকাশ পাইছে দেশৰ বাস্তৱিক ছবিখনৰ এক উদ্বেগজনক দৃশ্য। এই তথ্য অনুসৰি দেশত ২০১৪ চনৰ পৰা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে দৈনিক মজুৰি কৰা শ্ৰমিক সকলৰ মাজত আত্মহত্যাৰ ঘটনা। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২১ চনত দেশত নথিভুক্ত হোৱা সৰ্বমুঠ ১,৬৪,০৩৩ টা আত্মহত্যাৰ ঘটনাৰ ভিতৰত এক চতুৰ্থাংশই হৈছে দৈনিক মজুৰি কৰা শ্ৰমিক।

‘ভাৰতত দুৰ্ঘটনাজনিত মৃত্যু আৰু আত্মহত্যা’ শীৰ্ষক নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনত আত্মহত্যা কৰা ১,৬৪,০৩৩ ব্যক্তিৰ ভিতৰত ৪২,০০৪ গৰাকীয়েই দৈনিক মজুৰি কৰা শ্ৰমিক। অৰ্থাৎ মুঠ আত্মহত্যাৰ ঘটনাৰ ভিতৰত ২৫.৬ শতাংশই শ্ৰমিক সকলৰ মাজৰ পৰা আহিছে। উল্লেখ্য যে ২০২০ চনত দেশৰ মুঠ ১,৫৩,০৫২ টা আত্মহত্যাৰ ঘটনাৰ ভিতৰত ৩৭,৬৬৬ অৰ্থাৎ ২৪.৬ শতাংশ আত্মহত্যা কৰা ব্যক্তি আছিল দৈনিক মজুৰি কৰা শ্ৰমিক। সেইদৰে ২০১৯ চনত ক’ভিদৰ প্ৰাদুৰ্ভাৱৰ পূৰ্বে এই পৰিসংখ্যা আছিল ১,৩৯,১২৩ টা আত্মহত্যাৰ ঘটনাৰ ভিতৰত ৩২,৫৬৩ টা, অৰ্থাৎ মুঠ আত্মহত্যাৰ ঘটনাৰ ২৩.৪ শতাংশ।

২০২১ বৰ্ষত দেশত ২০২০ বৰ্ষৰ তুলনাত দৈনিক মজুৰিৰ শ্ৰমিক সকলৰ মাজত আত্মহত্যাৰ সংখ্যা ১১.৫২ শতাংশ বৃদ্ধি পাইছিল। নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদনখনত দৈনিক মজুৰিৰ শ্ৰমিকসকলক কৃষি খণ্ডত নিয়োজিত শ্ৰমিকসকলৰ পৰা পৃথকে তালিকাভুক্ত কৰা হৈছে। প্ৰতিবেদন অনুসৰি ২০২১ বৰ্ষত কৃষি খণ্ডত নিয়োজিত শ্ৰমিকৰ ক্ষেত্ৰত ১০,৮৮১ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে।

চৰকাৰী সংস্থাটোৰ এই প্ৰতিবেদনৰ পিছত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে, দৈনিক মজুৰি কৰা শ্ৰমিকসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা এনেদৰে বৃদ্ধি হোৱাৰ কাৰণ কি? কেন্দ্ৰীয় চৰকাৰৰ বিকাশৰ বিয়াগোম নীতিয়ে এই লোকসকলক স্পৰ্শ কৰিব পৰা নাই নেকি? উল্লেখ্য যে যোৱা দুবছৰত ক’ভিদ মহামাৰীয়ে দেশত ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত শ্ৰমিকসকলৰ কামৰ চাহিদা তীব্ৰ গতিত হ্ৰাস পাইছিল। ক’ভিদৰ পাছত প্ৰকাশিত কেইবাটাও প্ৰতিবেদনে শ্ৰমিকসকলৰ মাজত দেখা দিয়া ভয়াৱহ আৰ্থিক দৈন্যতাই এই শ্ৰেণীটোক বিপৰ্যয়ৰ ফালে ঠেলি দিছিল। এনে শ্ৰমিকসকলৰ হাতত সাধাৰণতেই কোনো কৰ্মব্যৱস্থাৰ সুৰক্ষা নাথাকে। ইফালে ক’ভিদৰ পৰিপ্ৰেক্ষিতত নিৰ্মাণখণ্ডটো মন্দাৱস্থাই গা কৰি উঠে।

ইয়াৰ পৰিণামস্বৰূপে এই খণ্ডত জড়িত শ্ৰমিকসকলো উপাৰ্জনবিহীন হৈ পৰে। তদুপৰি শেহতীয়াকৈ প্ৰকাশিত আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ ‘দ্য ষ্টেট অৱ ৱৰ্কিং ইণ্ডিয়া ২০২১’ শীৰ্ষক প্ৰতিবেদনত দৈনিক মজুৰি প্ৰাপ্ত শ্ৰমিকসকলৰ কৰ্মৰ বিনিময়ত লাভ কৰা মজুৰিৰ পৰিমাণ পূৰ্বৰ বছৰৰ তুলনাত ১৩ শতাংশ হ্ৰাস পাইছে বুলি উল্লেখ কৰা হৈছিল। ভূতৰ ওপৰত দানহ পৰাদি তীব্ৰ গতিত বৃদ্ধি পোৱা নিত্য নৈমিত্তিক সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিয়ে ৰামটাঙোন শোধায় এই শ্ৰমিকসকলক।

এনে ভয়াৱহ আৰ্থিক দৈন্যতাই জোকাৰি যোৱা এই শ্ৰমিকসকলে ফলস্বৰূপে ঋণৰ আশ্ৰয় ল’বলগীয়া হয়। কিন্তু উপাৰ্জন শূন্য পৰিস্থিতিয়ে তেওঁলোকক ক্ৰমাৎ এক ভয়ানক বিপৰ্যয়ৰ ফালে ঠেলি দিছে। যাৰ পৰিণতিত আত্মহত্যাৰ দৰে নিৰ্মম পথৰ আশ্ৰয় ল’বলগীয়া হৈছে এই শ্ৰমিকসকলে। এনে উদ্বেগজনক পৰিস্থিতিৰ পাছতো পিছে গা লৰা নাই শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰৰ। ডিঙিৰ শিৰ ফুলাই, প্ৰতিশ্ৰুতিৰ ফুলজাৰি কোবাই খোদ প্ৰধানমন্ত্ৰী মোদীৰ মুখতে উচ্চাৰিত হয় ‘সব চাংগাচি’: সকলো ঠিকেই আছে!

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am
সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

সৰ্বাধিক বিক্ৰী হোৱা হুইস্কীৰ ব্ৰেণ্ডসমূহ কি কি জানো আহক

August 28, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd