NORTHEAST NOW (Assamese)

বৰ্ণবাদৰ ঘৃণনীয় ৰূপ: উচ্চ বৰ্ণৰ বাবে নিৰ্ধাৰিত পাত্ৰৰ পৰা পানী খোৱাৰ বাবেই নৃশংস প্ৰহাৰ দলিত ব্যক্তিক

September 15, 2022 8:24 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় সমাজ ব্যৱস্থা বৰ্ণবাদৰ কৰাল গ্ৰাসে এতিয়াও ভয়াৱহভাৱে আৱৰি ৰাখিছে। বৰ্ণবাদৰ এনে ঘৃণনীয় পৰিস্থিতিয়ে এতিয়াও অৱদমিত কৰি ৰাখিছে সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলক। দেশত শিপাই থকা বৰ্ণবাদৰ এনে এক ঘৃণনীয় পৰিস্থিতিক পুনৰ এবাৰ সমুখলৈ আনিছে ৰাজস্থানত সংঘটিত হোৱা এক নিকৃষ্ট ঘটনাই।

ৰাজ্যখনৰ জয়সলমেৰ জিলাৰ ডিগ্গা নামৰ এখন গাঁৱত উচ্চ বৰ্ণৰ লোকসকলৰ বাবে নিৰ্ধাৰিত পাত্ৰৰ পৰা পানী খোৱাৰ বাবেই এগৰাকী দলিত লোকক কিছু লোকে লোহাৰ ৰড আৰু লাঠিৰে নৃশংসভাৱে প্ৰহাৰ কৰে।

ঘটনাৰ প্ৰকাশিত তথ্য অনুসৰি যোৱা মঙলবাৰে সন্ধিয়া চতুৰা ৰাম নামৰ দলিত ব্যক্তিগৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে ডিগ্গা অভিমুখে গৈ থকাৰ সময়তে এখন গ্ৰোচাৰী দোকানৰ সমুখত ৰয় আৰু দোকানৰ বাহিৰত থোৱা এটা পাত্ৰৰ পৰা পানী খায়।

ইয়াৰ পাছতে সেই স্থানত থকা কেইগৰাকীমান লোকে চতুৰা ৰামক তীব্ৰ গালি-গালাজ কৰে আৰু পাত্ৰটো কেৱল উচ্চ বৰ্ণৰ লোকৰ ব্যৱহাৰৰ বাবে বুলি দাবী কৰি তাৰ পৰা পানী খোৱাৰ বাবেই লোহাৰ ৰড আৰু লাঠিৰে প্ৰহাৰ কৰে।

এনে নিৰ্দয় প্ৰহাৰত ৰামে তেওঁৰ কাণৰ পিছফালে গুৰুতৰ আঘাত পোৱাৰ লগতে শৰীৰৰ আন আন অংশতো আঘাত পায়। এই আক্ৰমণৰ পাছতে তেওঁ স্থানীয় আৰক্ষীৰ কাষ চাপে।

ৰৰাৰ অভিযোগৰ ভিত্তিত ঘটনা সন্দৰ্ভত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত চাৰিগৰাকী ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

আনহাতে আহত ৰামক চিকিৎসাৰ বাবে এখন চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰিছে।

ইফালে ৰামে লগতে অভিযুক্ত এগৰাকী লোকে গুলী চালনা কৰিছিল বুলিও অভিযোগ কৰিছে যদিও এই দাবী এতিয়ালৈকে প্ৰমাণিত হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related News