Dalit Sisters Found Hanging কি হৈছে যোগীৰ ৰাজ্যত, লখিমপুৰ খেৰীত পুনৰ ধৰ্ষণকাণ্ড! গছত ওলমি থকা অৱস্থাত উদ্ধাৰ দুই নাবালিকা ভগ্নীৰ মৃতদেহ

যোগী আদিত্যনাথৰ ৰাজ্য উত্তৰ প্ৰদেশত এতিয়া নাৰীৰ সুৰক্ষা নোহোৱা হৈ পৰিছে। ইটোৰ পিছত সিটোকৈ ধৰ্ষণ, হত্যাৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য খনক। ৰাজ্য খনত বাস কৰা দলিত শ্ৰেণীৰ লোক সকলৰ জীৱনৰ যেন কোনো মূল্য নোহোৱা হৈ পৰিছে। শেহতীয়াকৈ লখিমপুৰ খেৰীত দুগৰাকী নাবালিকা ভগ্নীৰ গছত ওলমি থকা মৃতদেহ উদ্ধাৰৰ পিছতে সমগ্ৰ এলেকাটোত উত্তেজনা বিয়পি পৰিছে।

১৭ বছৰ আৰু ১৫ বছৰ বয়সৰ নাবালিকা ভগ্নীদুগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পিছতে তেওঁলোকক যে ধৰ্ষণ কৰি হত্যা কৰা হৈছে সেই বিষয়ত স্তানীয় ৰাইজ নিশ্চিত হৈছে। ছোৱালী দুজনীৰ পৰিয়ালে তিনিজন যুৱকৰ বিৰুদ্ধে ছোৱালী দুজনীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ছোৱালীদুজনীৰ মৃতদেঙ উদ্ধাৰৰ পিছতে স্থানীয় ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে।

ৰাইজে ৰে’লপথৰ লগতে ঘাইপথো অৱৰোধ কৰি প্ৰতিবাদ কৰিছে। খেৰী জিলাৰ নিঘাচন আৰক্ষী থানাৰ সমীপৰ পৰা অনুসূচীত জাতিৰ দুগৰাকী নাবালিকা হঠাতে নিৰুদ্দেশ হৈ পৰিছিল আৰু শেহতীয়াকৈ তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এই ঘটনাৰ প্ৰতিবাদত ৰাইজে নিঘাচন ক্ৰছিং অৱৰোধ কৰি ধৰ্ষণকাৰী তথা হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবী জনাইছে। লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষক সঞ্জীৱ সুমন, অতিৰিক্ত আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিঙে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে।

লক্ষ্ণৌ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক লক্ষ্মী সিঙেও ঘটনাস্থলীত উপস্থিত হৈছে। উল্লেখ্য ছোৱালীদুজনীৰ মৃতদেহ একেখন স্কার্ফেৰে ডিঙিত বন্ধা অৱস্থাত তামোলিয়াপুৰা গাঁৱৰ কুঁহিয়াৰতলিত উদ্ধৈাৰ কৰা হৈছে। ইয়াৰে এজনী ছোৱালী ভৰি মাটিত লাগি আছিল আৰু ডাঙৰ ভনীয়েকৰ মৃতদেহটো ওলমি আছিল।

আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰা মতে মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। দুয়োগৰাকী ভগ্নীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে।