যোগীৰ ৰাজ্যত পুনৰ হাত-ভৰি বন্ধা অৱস্থাত খেতি পথাৰত উদ্ধাৰ দলিত কিশোৰীৰ মৃতদেহ, বলাৎকাৰৰ সন্দেহ

a rape

বলাৎকাৰৰ ৰাজধানীত পৰিণত হৈছে যোগী আদিত্যনাথ নেতৃত্বাধীন ৰাজ্য উত্তৰ প্ৰদেশ।

উত্তৰ প্ৰদেশৰ হাথৰাছত এগৰাকী দলিত সম্প্ৰদায়ৰ যুৱতীক বলাৎকাৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ ৰাজ্য খনৰ বাৰাবাংকি অঞ্চলত এগৰাকী ১৭ বছৰীয়া দলিত কিশোৰীক দুৰ্বৃত্তই খেতি পথাৰতে বলাৎকাৰ কৰাৰ লগতে হত্যা কৰে।

চাথ্ৰী আৰক্ষী থনাৰ অন্তৰ্গত অঞ্চলটোৰ খেতি পথাৰলৈ কিশোৰী গৰাকীয়ে শস্য চপাবলৈ গৈছিল।

কিন্তু নিশাৰ ভাগলৈ কিশোৰী গৰাকী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে যুৱতী গৰাকীক বিচাৰি পথাৰ পায়গৈ।

পথাৰত যুৱতী গৰাকী হাত-ভৰি বন্ধা অৱস্থাত পৰি থকা দেখিবলৈ পাই পৰিয়ালৰ লোকে গাওঁবাসীক খবৰ দিয়ে।

গাওঁবাসীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱতী গৰকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষী অধীক্ষক এছ গৌতমে প্ৰকাশ কৰা মতে এয়া এক বলাৎকাৰৰ পিছত কৰা হত্যা যেন ভাব হয় যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে সকলো কথা স্পষ্ট হ’ব।

উত্তৰ প্ৰদেশত এনেদৰে দলিত সম্প্ৰদায়ৰ কিশোৰী-যুৱতীক বলাৎকাৰ কৰাৰ ঘটনা প্ৰায়ে ,সংঘটিত হ’বলৈ ধৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।