NORTHEAST NOW (Assamese)

চলন্ত গাড়ীত দলিত কিশোৰীৰ সৈতে দলবদ্ধভাৱে সংঘটিত কৰিলে কুকৰ্ম! ৰাজপথত পেলাই দিয়া হ’ল দেহ

September 21, 2024 4:19 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

চলন্ত গাড়ীত ড্ৰাগছ মিহলোৱা পানীয় খাই দলিত ছোৱালীক দলবদ্ধ ধৰ্ষণ! এইবাৰল দৃশ্য উত্তৰ প্ৰদেশৰ মথুৰা। নিৰ্যাতনৰ পিছত তেওঁক ৰাজপথলৈ দলিয়াই দিয়াৰ অভিযোগো উত্থাপন হৈছে। স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ছোৱালীজনী আৰু পৰিয়ালে।ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তসকল পলাতক হৈ আছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি চুবুৰীটোৰ এখন দোকানলৈ গৈছিল কিশোৰীগৰাকী। সেই সময়ত নীৰজ নামেৰে পৰিচিত এজন যুৱকে তেওঁৰ হাতত পানীৰ বটল এটা দিছিল বুলি অভিযোগ উঠিছে। সেই পানীয় খোৱাৰ পিছত ছোৱালীজনী উন্মাদ হৈ পৰিল। ইয়াৰ পিছত যুৱকজনে গাড়ীত উঠাই লৈ গ’ল। ইতিমধ্যে গাড়ীখনত আন দুজন যুৱক আছিল। তাৰে এজন হৈছে শৈলেন্দ্ৰ। আনজনৰ পৰিচয় জানিব পৰা হোৱা নাই। এই তিনিওজনে চলন্ত গাড়ীত উঠি ছোৱালীজনীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, কিশোৰীগৰাকীক অচেতন অৱস্থাত পথত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পাছতে যেতিয়া ছোৱালীজনীয়ে ঘৰলৈ উভতি আহি বিষয়টো খবৰ দিয়ে, তেতিয়া পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰে। জিলা আৰক্ষী অধীক্ষকে কয়, যেতিয়া ছোৱালীজনীয়ে ঘৰলৈ গৈ বিষয়টো খবৰ দিয়ে, তেতিয়া পৰিয়ালে তাইক চিকিৎসকৰ ওচৰলৈ লৈ যায়। ডাক্তৰে তেওঁক ধৰ্ষণ কৰা বুলি কয়। ইয়াৰ পাছতে পৰিয়ালটোৱে আৰক্ষীক এজাহাৰ দাখিল কৰে। শনিবাৰে দণ্ডাধীশৰ আগত তেওঁৰ গোপন বক্তব্য লোৱা হ’ব।

Related News