NORTHEAST NOW (Assamese)

আকৌ দলিত তৰুণীক গণধৰ্ষণ কৰি হত্যা, ঘটনাৰে জড়িত ২ আৰক্ষীসহ ৫ যুৱক

June 21, 2023 6:04 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজস্থানত এগৰাকী দলিত তৰুণীক অপহৰণ কৰাৰ পাছত দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছে। এই ঘটনাত দুগৰাকী আৰক্ষী জোৱানসহ পাঁচজন যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰকাশিত খবৰ মতে, এটা কোচিং চেণ্টাৰলৈ যোৱাৰ পথত তৰুণীগৰাকীক অপহৰণ কৰে অভিযুক্তকেইজনে। অভিযুক্তকেইজনে তৰুণীগৰাকীক দলবদ্ধ ধৰ্ষণৰ পিছতে হত্যা কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এই ঘটনা সংক্ৰান্তত ২ জন আৰক্ষী জোৱানকে ধৰি ৫ জন লোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইতিমেধ্যে অভিযুক্ত দুই আৰক্ষী জোৱান ৰাজস্থান আৰক্ষীয়ে নিলম্বন কৰিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাটো বিকানেৰৰ। বিকানেৰৰ খাজুৱালা অঞ্চলত এগৰাকী ২০ বছৰীয়া তৰুণীয়ে এটা কোচিং চেণ্টাৰলৈ গৈ আছিল। যোৱা মঙলবাৰে দুই আৰক্ষী জোৱানৰ সহযোগত এজন যুৱকে তৰুণীগৰাকীক অপহৰণ কৰে।

তৰুণীগৰাকীক আন এজন যুৱকৰ ঘৰলৈ লৈ গৈ পাঁচজন যুৱকে দলৱদ্ধ ধৰ্ষণ কৰে। তাৰ পিছত তৰুণীগৰাকীক হত্যা কৰা হয়। অভিযোগ অনুসৰি, অভিযুক্তই তৰুণীগৰাকীৰ মৃতদেহ খাজুৱালাৰ চিনেমা হলৰ সন্মুখত পেলাই থৈ যায়।

তৰুণীগৰাকীৰ পৰিয়ালৰ লোকে থানাত এজাহাৰ দাখিল কৰাৰ পাছতে স্থানীয় আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে।

ইতিমধ্যে ৫ অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত দুই কনিষ্টবলক নিলম্বন কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।

Related News