বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : এগৰাকী শিল্পীয়ে পথৰ কাষত হাৰমনিয়াম লৈ গীত গাই গাই সংগ্ৰহ কৰা ধনেৰে পথ মেৰামতিৰ বাবে কিনিলে দহ ট্ৰাক শিল

Screenshot_20190610_193640

পথাৰ শিল্পী লোহিত গগৈ।

মাৰ্ঘেৰিটাৰ মহকুমাৰ লিডুৰ টিৰাপ কলিয়ৰীৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাই পথত পথাৰ শিল্পী লোহিত গগৈয়ে হাৰমনিয়াম লৈ গীত গাই গাই পথচাৰী, যান বাহনৰ চালক তথা আৰোহীৰ পৰা জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ বাবে অনুদান সংগ্ৰহ কৰে।

গীত গাই  গাই সংগ্ৰহ কৰা ধনেৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰা ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিল্পীগৰাকী আৰু তেওঁৰ সংগীসকলে। শিল্পীগৰাকীয়ে গীতেৰে এনেদৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিকী প্ৰতিবাদ সাব্যস্ত কৰাই নহয় লগতে তেওঁ সংগৃহীত ধনেৰে দহ ট্ৰাক শিল কিনি পথৰ কিছু অংশ মেৰামতিৰো ব্যৱস্থা কৰে।

উল্লেখযোগ্য যে, বিগত প্ৰায় তিনিবছৰ ধৰি পথটোৰ বিভিন্ন অংশত দ গাত হৈ পুখুৰী সদৃশ পৰিবেশৰ সৃষ্টি হৈছে। বাৰিষা হ’লে ৰাষ্ট্ৰীয় ঘাইপথছোৱা বোকা-পানীৰে অতি ভয়াবহ ৰূপ ধাৰণ কৰাৰ বিপৰীতে খৰালি কালত ধূলিৰে ভৰি পৰে।

ভৰ বাৰিষাৰ পূৰ্বে এইবাৰ পথছোৱা মেৰামতি নকৰিলে মাৰ্ঘেৰিটাৰ লগত অসমৰ বাকী অঞ্চলৰ যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। মাৰ্ঘেৰিটা বিধানসভাৰ অন্তৰ্গত লিডুৰ পৰা টিৰাপ কলিয়ৰীলৈ জৰাজীৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথে তিনিবছৰে অঞ্চলটোৰ ৰাইজক জ্বলা-কলা খুৱাই অহাৰ লগতে পথছোৱাত দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি পাইছে।

আনাহাতে, পথ মেৰামতিৰ বাবে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে বিভিন্ন দল সংগঠনে প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰি অহাৰ লগতে সময়ে সময়ে মুখ্য মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰি আহিছে যদিও সকলো ফুটুকাৰ ফেঁনত পৰিণত হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ দায়িত্বভাৰ গ্ৰহণ কৰি ৭ জুনত ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নিতিন গাডকাৰীক সাক্ষাৎ কৰি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ  সমূহৰ মেৰামতি আৰু নিৰ্মাণৰ বাবে দাবী জনাব বুলি উল্লেখ কৰিছিল।