NORTHEAST NOW (Assamese)

বিদায় দানিছ ছিদ্দিকী: যাৰ কেমেৰাৰ একোটা ক্লিকে কঁপনি তুলিছিল বিশ্বত…

July 17, 2021 8:34 pm · দুলাল মিশ্ৰ
Updated: July 17, 2021 8:41 pm
danish-siddiqui-works

কেমেৰাৰ একো একোটা ক্লিকেৰে জগতত কঁপনি তুলিবলৈ সক্ষম হোৱা ভাৰতীয় ফটোগ্ৰাফাৰ দানিছ ছিদ্দিকীৰ মৃত্যুৱে এতিয়া জোকাৰি গৈছে সমগ্ৰ বিশ্বকে।

সন্ত্ৰাস বিধ্বস্ত লোকৰ দুৰ্দশাৰ ছবি কেমেৰাত বন্দী কৰি বিশ্ববাসীৰ সন্মখুত দাঙি ধৰা দানিছ ছিদ্দিকী অৱশেষত সন্ত্ৰাসৰেই বলি হ’ল।

কালি যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ পাক-আফগান সীমান্তত তালিবান সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা নৈৰাজ্যৰ ছবি কেমেৰাত বন্দী কৰিবলৈ যোৱাৰ সময়তে ভাৰতীয় ফটো সাংবাদিকগৰাকী তালিবানৰ ভয়ংকৰ আক্ৰমণত নিহত হৈছিল।

আফগান সেনাৰ যিটো কনভয়ত ফটো সাংবাদিকগৰাকী গৈছিল সেই কনভয়টোৰ ওপৰতে তালিবানে আক্ৰমণ চলাইছিল।

 

দানিছৰ কেমেৰাত ৰোহিংগীয়াৰ চকুপানী, ফটো সৌজন্য:ৰয়টাৰ

প্ৰায় এটা দশকৰো অধিক কাল সংবাদ প্ৰতিষ্ঠান ৰয়টাৰত সেৱা আগবঢ়াই থকা ৪১ বছৰীয়া দানিছ ছিদ্দিকীয়ে য’তেই যুদ্ধ হৈছিল, মানুহ শাসকীয় পক্ষৰ অত্যাচাৰৰ বলি হৈছিল, নিৰীহ জনতাই জীৱন ধাৰণৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছিল তালৈকেই গৈছিল।

প্ৰতিকূল পৰিবেশকো নেওচি চলি গৈছিল দানিছ ছিদ্দিকীৰ কেমেৰাৰ ক্লিক…।

সাহসী দানিছ ছিদ্দিকীৰ জন্ম হৈছিল ১৯৮০ চনৰ ১৯ মে’ত। দক্ষিণ দিল্লীৰ ফাদাৰ এঞ্জেল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ জামিয়া মিলিয়া বিশ্ব বিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

ফটো সৌজন্য:ৰয়টাৰ

২০০৭ চনত তেওঁ এজেকে মাছ কমিউনিকেছন ৰিছাৰ্চ চেণ্টাৰ, জামিয়াৰ পৰা সাংবাদিকতাৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

এগৰাকী টেলিভিছন সাংবাদিক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰা দানিছ ছিদ্দিকীয়ে ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰয়টাৰত যোগদান কৰিছিল।

ম্যানমাৰত ৰোহিংগীয়া শৰণাৰ্থীৰ দুৰ্দশাৰ পৰা আৰম্ভ কৰি হংকঙত প্ৰতিবাদী জনতাৰ কণ্ঠৰোধৰ চেষ্টাৰ ছবি দানিছ ছিদ্দিকীয়ে অতি নিপুনতাৰে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিছিল।

দিল্লীৰ ৰাজপথত অক্সিজেনৰ অভাৱত কিদৰে কোভিত আক্ৰান্তৰ মৃত্যু ঘটিছিল তাৰ সঁচা ছবিও দানিছ ছিদ্দিকী কেমেৰাই বান্ধি ৰাখিছিল।

কোভিডত মৃত্যু হোৱা লোকৰ গণ সৎকাৰ, ফটো সৌজন্য:ৰয়টাৰ

ভাৰতত কোভিড আক্ৰান্তৰ মৃতদেহৰ সমূহীয়া সৎকাৰৰ হৃদয় বিদাৰি নিয়া ছবিও বিশ্ববাসীয়ে দেখা পাইছিল দানিছ ছিদ্দিকীৰ জৰিয়তেই।

ৰোহিংগীয়া শৰণাৰ্থীৰ সমস্যাক ৰীলত বন্দী কৰি বিশ্ববাসীৰ দৃষ্টি কাঢ়ি নিয়া দানিছ ছিদ্দিকীক ২০১৮ চনত পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছিল।

নেপালৰ ভূমিকম্পত খহি পৰা ঘৰবোৰৰ মাজত কলধপ কলধপকৈ জীয়াই থকা আশাবোৰ দানিছ ছিদ্দিকীৰ কেমেৰাৰেই মানুহে প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিল।

দানিছ ছিদ্দিকীৰ কেমেৰাৰ মাধ্যমৰেই কোভিডে কাবু কৰা ভাৰতৰ প্ৰথম লকডাউনৰ সময়ত খোজকাঢ়িয়েই গৃহাভমিুখী হোৱা হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভয়াৰ্ত চকুবোৰ উজলি উঠিছিল।

মানুহে বুজিছিল সেই সময়ৰ দুখ বোৰ কিমান অসহনীয় আছিল।

সন্ত্ৰাস আৰু বিপৰ্যয়ৰ সন্মুখীন হোৱা মানুহৰ ছবি বিশ্ববাসীৰ সন্মুখত দাঙি কৰা দানিছ ছিদ্দিকী অৱশেষত নিষ্ঠুৰ তালিবানৰ সন্ত্ৰাসৰ বলি হ’ল।বিদায় দানিছ ছিদ্দিকী।

এইগৰাকী সাহসী ফটো সাংবাদিকৰ স্মৃতিত ১৮ জুলাইৰ বিয়লি ৫ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হৈছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।অমৰ হওঁক দানিছ ছিদ্দিকী…

Related News