• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদায় দানিছ ছিদ্দিকী: যাৰ কেমেৰাৰ একোটা ক্লিকে কঁপনি তুলিছিল বিশ্বত…

সন্ত্ৰাসিত মানুহৰ ছবি তুলি তুলি নিজেই সন্ত্ৰাসৰ বলি হ’ল ভাৰতীয় ফটোগ্ৰাফাৰ দানিছ ছিদ্দিকী

দুলাল মিশ্ৰ by দুলাল মিশ্ৰ
July 17, 2021 8:34 pm
danish-siddiqui-works

danish-siddiqui-works

425
VIEWS
Share on FacebookShare on Twitter

কেমেৰাৰ একো একোটা ক্লিকেৰে জগতত কঁপনি তুলিবলৈ সক্ষম হোৱা ভাৰতীয় ফটোগ্ৰাফাৰ দানিছ ছিদ্দিকীৰ মৃত্যুৱে এতিয়া জোকাৰি গৈছে সমগ্ৰ বিশ্বকে।

সন্ত্ৰাস বিধ্বস্ত লোকৰ দুৰ্দশাৰ ছবি কেমেৰাত বন্দী কৰি বিশ্ববাসীৰ সন্মখুত দাঙি ধৰা দানিছ ছিদ্দিকী অৱশেষত সন্ত্ৰাসৰেই বলি হ’ল।

কালি যুদ্ধ বিধ্বস্ত আফগানিস্তানৰ পাক-আফগান সীমান্তত তালিবান সন্ত্ৰাসবাদীয়ে সৃষ্টি কৰা নৈৰাজ্যৰ ছবি কেমেৰাত বন্দী কৰিবলৈ যোৱাৰ সময়তে ভাৰতীয় ফটো সাংবাদিকগৰাকী তালিবানৰ ভয়ংকৰ আক্ৰমণত নিহত হৈছিল।

আফগান সেনাৰ যিটো কনভয়ত ফটো সাংবাদিকগৰাকী গৈছিল সেই কনভয়টোৰ ওপৰতে তালিবানে আক্ৰমণ চলাইছিল।

 

Rohingya-Refugee
দানিছৰ কেমেৰাত ৰোহিংগীয়াৰ চকুপানী, ফটো সৌজন্য:ৰয়টাৰ

প্ৰায় এটা দশকৰো অধিক কাল সংবাদ প্ৰতিষ্ঠান ৰয়টাৰত সেৱা আগবঢ়াই থকা ৪১ বছৰীয়া দানিছ ছিদ্দিকীয়ে য’তেই যুদ্ধ হৈছিল, মানুহ শাসকীয় পক্ষৰ অত্যাচাৰৰ বলি হৈছিল, নিৰীহ জনতাই জীৱন ধাৰণৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছিল তালৈকেই গৈছিল।

প্ৰতিকূল পৰিবেশকো নেওচি চলি গৈছিল দানিছ ছিদ্দিকীৰ কেমেৰাৰ ক্লিক…।

সাহসী দানিছ ছিদ্দিকীৰ জন্ম হৈছিল ১৯৮০ চনৰ ১৯ মে’ত। দক্ষিণ দিল্লীৰ ফাদাৰ এঞ্জেল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰি তেওঁ জামিয়া মিলিয়া বিশ্ব বিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল।

dan mix
ফটো সৌজন্য:ৰয়টাৰ

২০০৭ চনত তেওঁ এজেকে মাছ কমিউনিকেছন ৰিছাৰ্চ চেণ্টাৰ, জামিয়াৰ পৰা সাংবাদিকতাৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

এগৰাকী টেলিভিছন সাংবাদিক হিচাবে কৰ্ম জীৱন আৰম্ভ কৰা দানিছ ছিদ্দিকীয়ে ২০১০ চনত আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ৰয়টাৰত যোগদান কৰিছিল।

ম্যানমাৰত ৰোহিংগীয়া শৰণাৰ্থীৰ দুৰ্দশাৰ পৰা আৰম্ভ কৰি হংকঙত প্ৰতিবাদী জনতাৰ কণ্ঠৰোধৰ চেষ্টাৰ ছবি দানিছ ছিদ্দিকীয়ে অতি নিপুনতাৰে বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিছিল।

দিল্লীৰ ৰাজপথত অক্সিজেনৰ অভাৱত কিদৰে কোভিত আক্ৰান্তৰ মৃত্যু ঘটিছিল তাৰ সঁচা ছবিও দানিছ ছিদ্দিকী কেমেৰাই বান্ধি ৰাখিছিল।

dan 2
কোভিডত মৃত্যু হোৱা লোকৰ গণ সৎকাৰ, ফটো সৌজন্য:ৰয়টাৰ

ভাৰতত কোভিড আক্ৰান্তৰ মৃতদেহৰ সমূহীয়া সৎকাৰৰ হৃদয় বিদাৰি নিয়া ছবিও বিশ্ববাসীয়ে দেখা পাইছিল দানিছ ছিদ্দিকীৰ জৰিয়তেই।

ৰোহিংগীয়া শৰণাৰ্থীৰ সমস্যাক ৰীলত বন্দী কৰি বিশ্ববাসীৰ দৃষ্টি কাঢ়ি নিয়া দানিছ ছিদ্দিকীক ২০১৮ চনত পুলিৎজাৰ বঁটাৰে সন্মানিত কৰা হৈছিল।

নেপালৰ ভূমিকম্পত খহি পৰা ঘৰবোৰৰ মাজত কলধপ কলধপকৈ জীয়াই থকা আশাবোৰ দানিছ ছিদ্দিকীৰ কেমেৰাৰেই মানুহে প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিল।

দানিছ ছিদ্দিকীৰ কেমেৰাৰ মাধ্যমৰেই কোভিডে কাবু কৰা ভাৰতৰ প্ৰথম লকডাউনৰ সময়ত খোজকাঢ়িয়েই গৃহাভমিুখী হোৱা হাজাৰ হাজাৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ভয়াৰ্ত চকুবোৰ উজলি উঠিছিল।

মানুহে বুজিছিল সেই সময়ৰ দুখ বোৰ কিমান অসহনীয় আছিল।

সন্ত্ৰাস আৰু বিপৰ্যয়ৰ সন্মুখীন হোৱা মানুহৰ ছবি বিশ্ববাসীৰ সন্মুখত দাঙি কৰা দানিছ ছিদ্দিকী অৱশেষত নিষ্ঠুৰ তালিবানৰ সন্ত্ৰাসৰ বলি হ’ল।বিদায় দানিছ ছিদ্দিকী।

এইগৰাকী সাহসী ফটো সাংবাদিকৰ স্মৃতিত ১৮ জুলাইৰ বিয়লি ৫ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হৈছে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।অমৰ হওঁক দানিছ ছিদ্দিকী…

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd