১৬ ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ত পঞ্চদশ কেপ্টেইন জিন্টু গগৈ স্মাৰক ফুটবল

IMG-20181208-WA0017

ভাৰতীয় সেনা বাহিনীৰ ডাও ডিভিজনে অভিযান সদ্ভাৱনাৰ অন্তৰ্গত পঞ্চদশ কেপ্টেইন জিন্টু গগৈ, বীৰচক্ৰ স্মাৰক ফুটবল টুৰ্নামেণ্টৰ আয়োজন কৰিছে। কাৰ্গিলৰ চহিদগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে ভাৰতীয় সেনা বাহিনীয়ে। অহা ১৬ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈকে ডিব্ৰুগড়ৰ আৰ্মি পোলো গ্ৰাউণ্ডত এই ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনৰ বাবে ডিব্ৰুগড়ত মোতায়েন ৯ম বেটেলিয়ন, ৰাজপুতানা ৰাইফলছছে ঐতিহাসিক পোলো গ্ৰাউণ্ডক সুন্দৰকৈ সজাই তুলিছে। সেনাৰ এই উদ্যোগক স্থানীয় ৰাইজৰ লগতে জিলা প্ৰশাসনে আদৰণি জনাইছে।

এই প্ৰতিযোগিতাত ১৮টা দলে (২টা ছোৱালীৰ আৰু ১৬ ল’ৰাৰ দল ) অংশগ্ৰহণ কৰিব। দুপৰীয়া ১২-৩০ বজাত উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হ’ব। আৰম্ভণি খেলখন নাহৰকটীয়া আৰু খোৱাং ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হ’ব।

এই ফুটবল প্ৰতিযোগিতাখনে স্থানীয় ফুটবল দলসমূহক অংশগ্ৰহণ কৰি তেওঁলোকৰ যোগ্যতা প্ৰমাণ কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰিব। বিগত সময়চোৱাত এই প্ৰতিযোগিতাখনে স্থানীয় ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰি আহিছে।