ভূটানৰ লক ডাউনৰ প্ৰভাৱ ভাৰতত! কৰ্ম সংস্থাপনহীন হ’ল সীমান্তৰ দৰঙামেলাৰ বহু পৰিয়াল

মানৱ সৰবৰাহকাৰীয়ে অঞ্চলটোৰ বহু লোকক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ দিছে চালান

bonnnnhnn

কথাতে আছে- “একালৰ বৃন্দাবন একালত পৰে ছন” – সেয়াই এতিয়া বাস্তৱত পৰিণত হৈছে বাক্সাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ বৃহত্তৰ দৰঙামেলা অঞ্চল।

ভূটান সীমান্তৰ দৰঙামেলা  এসময়ত ব্যৱসায়- বাণিজ্যৰ ক্ষেত্ৰত সদা ব্যস্ত এখন ঠাই।

চুবুৰীয়া বন্ধু ৰাষ্ট্ৰ ভূটানৰ সতে ব্যৱসায়ৰ ক্ষেত্ৰত আছিল ব্যাপক যোগাযোগ।

ফলত সীমান্তৱৰ্তী ঠাইখন হৈ পৰিছিল ব্যৱসায়-বাণিজ্যৰ এক প্ৰাণকেন্দ্ৰ।

কিন্তু সেই সীমান্তৱৰ্তী অঞ্চলটোত পৰিল লকডাউনৰ ব্যাপক প্ৰভাৱ। ২০২০ চনৰ পৰা কৰ’নাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ অন্য ঠাইৰ লগতে পূৰ্বোত্তৰ ভুটানৰ চামদ্ৰুপ ঝংখাৰত সম্পূৰ্ণ লকডাউন ঘোষণা কৰি অনিৰ্দিষ্ট কাললৈ প্ৰৱেশ পথ বন্ধ কৰি দিয়ে।

ফলত ব্যাপক প্ৰভাৱ পৰে স্থানীয় লোকৰ ওপৰত।

ভূটানৰ লক ডাউনে কৰ্ম সংস্থাপনহীন কৰি তুলিলে ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাবাসীক।

বন্ধ হৈ পৰে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ।

উল্লেখ্য যে দৰঙামেলা অঞ্চলৰ পুৰুষ-মহিলা, যুৱক- যুৱতী সহবহু লোকে ভুটানৰ চামদ্ৰুপ ঝংখাৰ জিলা সদৰৰ বিভিন্ন উদ্যোগ, ব্যৱসায়িক প্ৰতিষ্ঠানত  দিন হাজিৰা কৰি পোহপাল দিছিল পৰিয়াল।

ইয়াৰ উপৰিও ভাৰত-ভূটান সীমান্তৰ বিভিন্ন অঞ্চলৰ ব্যৱসায়িক প্ৰতিস্থান সমূহ নিৰ্ভৰ কৰে ভূটান ৰাষ্ট্ৰৰ নাগৰিক সকলৰ ওপৰত।

২০২০ চনৰ মাৰ্চ মাহৰ পৰা কৰ’নাৰ বাবে ভূটান ৰাষ্ট্ৰৰ প্ৰৱেশ পথ সমূহ বন্ধ কৰা হয়।

ভূটানৰ প্ৰৱেশ দ্বাৰ সমূহ বন্ধ হৈ পৰাৰ লগে লগে ভাৰত ভূটান সীমান্তৰ  দৰঙামেলা অঞ্চলৰ হেজাৰ হেজাৰ লোক হৈ পৰে কৰ্মসংস্থাপনহীন।

ভূটানী লোক সকলো ভাৰতত প্ৰৱেশ কৰিব নোৱাৰাত  ভূটানী লোক সকলৰ ওপৰত নিৰ্ভৰ কৰা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ প্ৰায় বন্ধ হৈ পৰিছে।

অন্ন-বস্ত্ৰৰ অভাৱত বহু শ্ৰমিকে কৰ্ম সংস্থাপন বিচাৰি গুজৰাট, কেৰেলা, মুম্বাই, দিল্লী আদিলৈ যাবলৈ বাধ্য হৈছে।

আনকি শ্ৰমিক পৰিয়ালৰ ছাত্ৰ- ছাত্ৰী সকলে নিজৰ সোণোৱালী শৈশৱক বিসৰ্জন দি বিদ্যালয় এৰি নিজৰ পিতৃ মাতৃৰ লগত কৰ্মৰ সন্ধানত গতি কৰিছে বহিঃৰাজ্যলৈ।

এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজ।

ইতিমধ্যে হতাশ হৈ একাধিক লোকে  আত্মহত্যা কৰাৰো ঘটনা ঘটিছে অঞ্চলটোত।

ভূটান সীমান্তৰ দৰঙামেলা অঞ্চলৰ শশীপুৰ, এন কে দৰঙ্গা, পাটকীজুলি, হৰতোলা, পাহাৰপুৰ, খৈৰেনী, চেচাপানী, কুমাৰীকাটা, পানীটেংকী, বগাজুলি, নাগাপুৰ আদি অঞ্চলৰ শ শ শ্ৰমিকে ভূটান ৰাষ্ট্ৰ চামদ্ৰুপ জংখাৰত বিভিন্ন কোম্পানীত দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰা শ্ৰমিক পৰিয়ালৰ মাজতো সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ।

কেতিয়া খুলিব ভূটানৰ প্ৰৱেশ দ্বাৰ, তাকে লৈ এতিয়া চিন্তিত  ভূটান সীমান্তবাসী ৰাইজ।

উল্লেখযোগ্য যে ভাৰতৰ নাগৰিকৰ বাবে ভূটানৰ প্ৰৱেশ পথ বন্ধ যদিও ভুটানৰ যানবাহনৰ চলাচল ভাৰত ৰাষ্ট্ৰৰ অসমৰ বাক্সা জিলাৰ উপৰিও বিভিন্ন জিলাৰ মাজেদি চলাচল অব্যাহত আছে

ইপিনে দৰিদ্ৰতাৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীয়ে অঞ্চলটোৰ লোকক কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ দিছে চালান।

সময়ে সময়ে এনে মানৱ সৰবৰাহকাৰী আটক হৈছে আৰক্ষীৰ হাতত।