দৰং আৰক্ষীৰ অভিযানত গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

দৰং আৰক্ষীয়ে এক অভিযান চলাই দেওবাৰে নিশা তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ‘ইয়ন’ গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰায় ৬ কিলো ওজনৰ গাঞ্জাখিনি বগা ৰঙৰ প্লাষ্টিকৰ বেগত ভৰাই অনা হৈছিল। চোৰাং বজাৰত গাঞ্জাখিনিৰ মূল্য প্ৰায় ২ লাখ টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে।

জানিব পৰা মতে এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত দৰঙৰ আৰক্ষী অধীক্ষক অমৃট ভূঞাৰ নিৰ্দেশত উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে কালি নিশা প্ৰায় ৯ বজাত ধুলাৰ পৰা এ এছ ১২ কে ৬৯৪০ নম্বৰৰ এখন ‘ইয়ন’ গাড়ীৰ অনুসৰণ কৰে।

তেওঁলোকৰ নিৰ্দেশ মতে গাড়ীখনক ৰখাবৰ বাবে মঙলদৈ আৰক্ষীয়ে মঙলদৈত বেৰিকেড দিয়ে যদিও তীব্ৰ বেগী গাড়ীখনে আৰক্ষীৰ বেৰিকেড মহতিয়াই নিয়ে। ইয়াৰ পিছতে গাড়ীখনক অনুসৰণ কৰি থকা আৰক্ষী দলটোৱে ছিপাঝাৰ আৰক্ষীলৈ বাৰ্তা পঠাই যদিও ছিপাঝাৰ আৰক্ষীয়েও বাহনখনক ৰখাবলৈ সক্ষম নহ’ল।

দৰং আৰক্ষীয়ে ইয়নখনৰ অনুসৰণ অব্যাহত ৰাখে আৰু অৱশেষত ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰিৰ সমীপত গাড়ীখনক জব্দ কৰিবলৈ সক্ষম হয়।  অৱশ্যে গাড়ীখন তাতে এৰি থৈ গাঞ্জা সৰবৰাহকাৰী কেইজনে সেই স্থানৰ পৰা পলায়ন কৰে।

আৰক্ষীয়ে পলায়ন কৰা সৰবৰাহকাৰী কেইজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে। আনহাতে গাঞ্জা কঢ়িয়াই অনা বাহনখন গৰাকীজনক ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত ৩নং ধনশিৰি চাহ বাগিচাৰ বাসিন্দা বৃষ্টি বড়োৰ পুত্ৰ দিৰ্হাশ্বৰ বড়ো বুলি চিনাক্ত কৰা হৈছে।