NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ পূৰ্বে মহাৰাষ্ট্ৰত বৃহৎ পৰিমাণৰ নগদ ধনসহ ধৰা পৰিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱৰে

November 19, 2024 9:00 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 19, 2024 7:59 pm

মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতাই মুকলিকৈ বিতৰণ কৰিছে ধন । ইতিমধ্যে ভাইৰেললৈ পৰিছে এটি ভিডিঅ’। নিৰ্বাচন আয়োগৰ কাষ চাপিছে বিৰোধী।

অভিযোগ অনুসৰি মহাৰাষ্ট্ৰৰ পালঘৰৰ এখন হোটেলত দলীয় কৰ্মীৰ মাজত ধন বিতৰণ কৰে বিজেপি নেতাই।

বহুজন বিকাশ আঘাদীৰ মহাৰাষ্ট্ৰৰ সভাপতি হিতেন্দ্ৰ ঠাকুৰে অভিযোগ কৰে যে সেই হোটেলখনত পাঁচ কোটি টকা বিতৰণ কৰা হৈছিল। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক বিনোদ টাৱৰে বিলাইছিল এই ধন ইতিমধ্যে ভাইৰেল হৈ পৰিছে ধন বিলোৱাৰ ভিডিঅ’।

উল্লেখ্য যে বিনোদ টাৱৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক। ইতিমধ্যে টাৱৰে আৰু বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে বিজেপিকে ধৰি আন আন বিৰোধী দলসমূহ।

Related News