দিনজোৰা কাৰ্যসূচীৰে ডিগবৈত বিশ্ব বন্যপ্ৰাণী দিৱস পালন

Digboi

আজি বিশ্ব বন্যপ্ৰাণী দিৱস। এই উপলক্ষে ডিগবৈ মহাবিদ্যালয়ত আজি মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগ, মাইশোৰ স্থিত নেচাৰ কনজাৰ্ভেশ্যন ফাউণ্ডেইশ্যন, ডিব্ৰুগড় বন সংমণ্ডলৰ অন্তৰ্গত জয়পুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয় আৰু ডিগবৈ মহাবিদ্যালয়ৰ এন এছ এছ য়ুনিটৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব বন্যপ্ৰাণী দিৱস, ২০১৯ উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানত গণেশ পক্ষীৰ সংৰক্ষণৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়াৰ লগতে অন্যান্য আপুৰুগীয়া উদ্ভিদ আৰু প্ৰাণীকুলৰ সংৰক্ষণৰ ওপৰতো আলোচনা কৰা হয়।

বন বিষয়া দুলেশ্বৰ তামুলী আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত জয়পুৰৰ বনাঞ্চলিক বিষয়া শৰৎ চন্দ্ৰ নেওগ আৰু ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী প্ৰবক্তা ৰাজীৱ ৰুদ্ৰ টাৰিয়াঙে ভাষণ দিয়ে।

নিজ ভাষণত প্ৰবক্তা টাৰিয়াঙে কিদৰে জলবায়ু পৰিৱৰ্তনে বনপ্ৰাণী আৰু মানৱজগতৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে তাৰ বাখ্যা আগবঢ়াই কয় যে যদি উপযুক্ত সময়ৰ ভিতৰত গোলকীয় উষ্ণতাক বাধা দিয়া নহয় তেন্তে ভৱিষ্যতে মানৱ সমাজ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।