পাকিস্তানত ম’ব লিঞ্চিঙৰ বলি শ্ৰীলঙ্কাৰ নাগৰিক; “পাকিস্তানৰ বাবে অপমানৰ দিন” আখ্যা পাক প্ৰধান মন্ত্ৰীৰ

Mob Lynching

শ্ৰীলংকাৰ এজন কাৰখানাৰ মেনেজাৰ ম’ব লিঞ্চিঙৰ বলি হয় পাকিস্তানত। শুকুৰবাৰে এদল উন্মাদ জনতাই প্ৰহাৰ কৰি হত্যা কৰে আৰু ৰাজহুৱা স্থানতে মৃতদেহ জ্বলাই দিয়ে।

শুক্ৰবাৰে সংঘটিত এই ঘটনা ৰাজধানী ইছলামাবাদৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ দক্ষিণ-পূবত শিয়ালকোটত সংঘটিত হয়। ইছলামৰ বিৰুদ্ধে নিন্দাসূচক বক্তব্যৰ অভিযোগতে ব্যক্তিজনক হত্যা কৰা হয় বুলি জানিব পৰা গৈছে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা কেইবাটাও ভয়ংকৰ ভিডিঅ’ ক্লিপত দেখা গৈছে যে জনতাই ভুক্তভোগীজনক নিৰ্দয়ভাৱে প্ৰহাৰ কৰিছে আৰু ইছলাম ধৰ্মক কৰা নিন্দাৰ বিৰুদ্ধে শ্ল’গান দিছে। আন কিছু ক্লিপত ব্যক্তিজনৰ শৰীৰটো জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে ।

উন্মাদ ম’বটোৰ বহু লোকেই তেওঁলোকৰ পৰিচয় লুকুৱাবলৈ কোনো প্ৰয়াস কৰা নাছিল আৰু কিছুমানে জ্বলন্ত মৃতদেহৰ সন্মুখত চেলফি লৈছিল।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এই ঘটনাটোক পাকিস্তানৰ বাবে অপমানৰ দিন বুলি অভিহিত কৰিছে আৰু এই বৰ্বৰ ঘটনাৰ তদন্তৰ স্ব-নিৰীক্ষণ কৰিব বুলি ঘোষণা কৰিছে।

তেওঁ টুইট কৰি কয়, “কোনো ভুল নহওঁক, দায়ী সকলোকে আইনৰ মাধ্যমেৰে সম্পূৰ্ণ কঠোৰতাৰে শাস্তি দিয়া হ’ব।”

পঞ্জাৱ চৰকাৰৰ মুখপাত্ৰ হাছান খাৱাৰে লাহোৰত সাংবাদিকৰ আগত উল্লেখ কৰা অনুসৰি আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাত জড়িত ১০০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

তেওঁ কয়, “চিচিটিভি ফুটেজসমুহ সাৱধানে চোৱা হৈছে। আমাক ৪৮ ঘণ্টাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।”