ৰাইজৰ বিপুল দাবীত দলগাঁৱস্থিত চৰকাৰী ম’ডেল হাইস্কুলৰ নামভৰ্তি প্ৰক্ৰিয়াত জিলা প্ৰশাসনৰ হস্তক্ষেপ

dalgaon

দৰং জিলাৰ দলগাঁৱত অৱস্থিত ইংৰাজী মাধ্যমৰ চৰকাৰী ‘ম’ডেল হাইস্কুল’ৰ প্ৰথম মানৰ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰোৱাৰ সময়ত বিদ্যালয় কৰ্তৃপক্ষই নিয়ম বহিৰ্ভুতভাৱে মৌখিক পৰীক্ষা পতাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।  এই বিষয়ে অৱগত হোৱাৰ পাছত জিলা উপায়ুক্তই বিদ্যালয়খনৰ নামভৰ্তিৰ বিষয়টোত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰে। জিলা প্ৰশাসনে বিদ্যালয়খনত চৰকাৰী নিৰ্দেশনা অনুসৰি লটাৰীৰ জৰিয়তে ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ বাবে নিৰ্বাচন কৰাৰ আদেশ দিয়ে। মৌখিক পৰীক্ষাৰ জৰিয়তে নিৰ্বাচিত কৰা পূৰ্বৰ ২৩ গৰাকী শিশুৰ নামভৰ্তিকৰণ বাতিল কৰাৰো নিৰ্দেশ দিয়ে জিলা প্ৰশাসনে।

৬ ছেপ্টেম্বৰৰ আবেলি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত দৰঙৰ জিলা উপায়ুক্ত অশোক কুমাৰ বৰুৱাই কৈছে, ‘‘চৰকাৰী নিৰ্দেশনা অনুসৰি, কেবল লটাৰীৰ জৰিয়তেহে ছাত্ৰ-ছাত্ৰীক নামভৰ্তিৰ বাবে নিৰ্বাচিত কৰা হ’ব লাগিব। শিক্ষাৰ অধিকাৰ আইনেও এই কথাটোকে কয়। মই এই এই প্ৰক্ৰিয়াটো মানি চলাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক আদেশ দিছোঁ।’’

উল্লেখ্য যে এই এলেকাত চিবিএছইৰ অন্তৰ্গত চৰকাৰী খণ্ডৰ মাত্ৰ এখনেই বিদ্যালয় আছে। অলপতে আৰম্ভ হোৱা এই বিদ্যালয়খনৰ প্ৰথম মানৰ মুঠ ৮০খন আসনত নামভৰ্তি কৰাৰ বাবে আবেদনপত্ৰ বিচৰা হৈছিল।

প্ৰথম ৫৭খন আসনৰ বাবে চৰকাৰী নিয়ম অনুসৰি আৰু সংৰক্ষিত কোটাৰ বাবে লটাৰীৰ জৰিয়তেই নিৰ্বাচিত কৰা হৈছিল যদিও বাকী ২৩ খন আসনৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই নিয়ম বহিৰ্ভুতভাৱে মৌখিক সাক্ষাৎকাৰৰ ব্যৱস্থা কৰাত আৰু একে দিনাই ৩০০ ছাত্ৰ-ছাত্ৰীৰ মৌখিক পৰীক্ষা গ্ৰহণ কৰি নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশ কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল।

এই বিষয়টোৱে স্থানীয় শিক্ষা সচেতন নাগৰিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু তেওঁলোকে জিলা উপায়ুক্তৰ হস্তক্ষেপ দাবী কৰিচিল।

তেওঁলোকৰ বিপুল দাবীত জিলা উপায়ুক্তই তাৎক্ষণইকভাৱে তদন্ত কৰি চৰকাৰী নিৰ্দেশনা অনুসৰি নতুনকৈ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী নিৰ্বাচনৰ আদেশ দিছিল। স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰিছে।