ভোট গণনাৰ প্ৰক্ৰিয়া সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰে শিৱসাগৰ জিলা উপায়ুক্তৰ বৈঠক

IMG-20181211-WA0000

শিৱসাগৰত ভোটগণনা সন্দৰ্ভত উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক। ফটো : নৰ্থইষ্ট নাও

সমগ্ৰ ৰাজ্যৰ লগতে অহা ১২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলক ভোট গণনা প্ৰক্ৰিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি-নিৰ্দেশনাৰ বিষয়ত এখন বৈঠক সোমবাৰে অনুষ্ঠিত হয়।

জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চুকাফা সভা কক্ষত অনুষ্ঠিত এই বৈঠকত উপায়ুক্ত পল্লৱ গোপাল ঝাই ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু প্ৰাৰ্থী সকলক ইতিপূৰ্বে জিলা খনত হৈ যোৱা ভোটদান প্ৰক্ৰিয়াত বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াই এই প্ৰক্ৰিয়াটো সুচাৰুৰূপে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাত যি সহযোগ আগবঢ়ালে তাৰ বাবে ধন্যবাদ জনায়।

বৈঠকত ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলে ভোটগণনাৰ ক্ষেত্ৰত পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কে উপায়ুক্ত গৰাকীয়ে অৱগত কৰাৰ লগতে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এই সম্পৰ্কত জাৰি কৰা নীতি-নিৰ্দেশনা সম্পৰ্কে আলোচনা কৰে। ভোট গণনা প্ৰক্ৰিয়া চি চি টি ভি কেমেৰা যোগে সুক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

অহা ১২ ডিচেম্বৰত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমূখী বিদ্যালয়ত পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভোটগণনা সম্পৰ্কে আৰু কাউন্টিং এজেন্টৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি-নিৰ্দেশনা সমুহৰ বিষয়ে জিলা উন্নয়ন আয়ুক্তৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত নবাব আল আজহাৰ আলিয়ে সভাত বিস্তৃতভাৱে আলোচনা কৰে।

তেওঁ লগতে উল্লেখ কৰে যে নিৰ্দলীয় প্ৰাৰ্থীও কাউন্টিং হলত উপস্থিত থাকিব পাৰিব। ১৩ খন জিলা পৰিষদৰ প্ৰতিখনৰ বিপৰীতে ১০ খন টেবুলত ভোট গণনা কৰা হ’ব আৰু প্ৰতিটো ৰাউণ্ডৰ অন্তত ফলাফল সমুহ স্থিৰ অনুভাষ যন্ত্ৰযোগে ঘোষণা কৰা হ’ব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।

সভাত নিৰ্বাচনী বিষয়া জগদীশ ব্ৰহ্মই এক পাৱাৰ পইন্ট প্ৰেজেন্টেশ্যন যোগে উপস্থিত ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু প্ৰাৰ্থী সকলক ভোট গণনা প্ৰক্ৰিয়া, বৈধ অবৈধ ভোট গণনা বিচাৰ প্ৰণালী ইত্যাদি সম্পৰ্কে আভাস দিয়ে।

আনহাতে, জিলা আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে সকলোকে আইন-শৃংখল বজাই ৰাখি আৰক্ষীৰ লগত সহযোগিতা কৰি ভোট গণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণ আৰু সফলতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়। ভোট গণনা প্ৰক্ৰিয়া শান্তিপূৰ্ণ ভাৱে সম্পন্ন কৰিবলৈ আৰক্ষীয়ে তিনি খলপীয়া সুৰক্ষাৰ ব্যৱস্থা তৈয়াৰ কৰিছে বুলি প্ৰকাশ কৰে।

তেওঁ কাউন্টিং এজেন্ট সকলে লাভ কৰা বৈধ পৰিচয় পত্ৰ দেখুৱাইহে ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিব পাৰিব বুলি জনায়। ভোট গণনা কেন্দ্ৰত খাদ্যৰ টোপেলা, পানীৰ বটল, বেগ, ফাইল, মোবাইল ইত্যাদি লৈ যাব নোৱাৰিব বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

বৈঠকত অতিৰিক্ত উপায়ুক্ত বিজিত দাস, অশ্বিনী কুমাৰ দলে, মুন গগৈৰ লগতে ৰাজহ চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকলৰ লগতে বিভিন্ন নিৰ্বাচনী কোষ সমুহৰ বিষয়াসকল উপস্থিত থাকে।