অসম বন্ধ : মাজুলীত খোদ উপায়ুক্তৰ কাৰ্যালয়কে ধৰি আছুৱে বন্ধ কৰি দিলে কেইবাটাও চৰকাৰী কাৰ্য্যালয়

assam-bandh

প্ৰতিনিধিত্বমূলক ফটো

৮ জানুৱাৰিত আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে সন্মিলিতভাৱে আহ্বান জনোৱা অসম বন্ধৰ সময়ত মুখ্য মন্ত্ৰী সমষ্টি মাজুলীত খোদ উপায়ুক্তৰ কাৰ্য্যালয় বন্ধৰ সমৰ্থকে বন্ধ কৰি দিয়াৰ বাতৰি পোৱা গৈছে।

উপায়ুক্তৰ কাৰ্য্যালয়ৰ উপৰি মধ্য মাজুলী কমলাবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পংকজ বৰুৱা, সম্পাদক প্ৰাঞ্জল শইকীয়াৰ নেতৃত্বত যোৱা এটা দলে মাজুলীৰ চক্ৰ বিষয়াৰ কাৰ্যালয়, জলসম্পদ বিভাগৰ কাৰ্যালয়, ব্ৰহ্মপুত্ৰ ব’ৰ্ড আদিত উপস্থিত হৈ চৰকাৰী কাৰ্যালয়সমূহ সম্পূৰ্ণ বন্ধ কৰি দিয়ে। সেই সময়ত কৰ্মচাৰীসকলে কাৰ্য্যালয়সমূহ খুলি দিনটোৰ কামকাজ আৰম্ভ কৰিব খুজিছিল।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক আছিল। যান-বাহন, নিয়মীয়া ফেৰি চলাচল সকলোবোৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। আনকি পাণ-তামোলৰ দোকান এখনো কোনেও খোলা নাছিল বুলি খবৰ পোৱা গৈছে। নামনি মাজুলী, উজনি মাজুলী, মধ্য মাজুলী, পূব মাজুলী, বনগাঁও, কমলাবাৰী আৰু জিলাৰ সদৰ গড়মূৰ, সকলোতে বন্ধ সৰ্বাত্মক আছিল।

আনপিনে বিভিন্ন চৰকাৰী কাৰ্য্যালয় বন্ধ কৰি দিয়া ছাত্ৰ সন্থাৰ নেতা-কৰ্মীসকলক পিছত গড়মূৰ সদৰ আৰক্ষী আৰু কমলাবাৰী থানাৰ আৰক্ষীয়ে পৃথকে পৃথকে আটক কৰি থানালৈ লৈ যায় যদিও পিছবেলা এৰি দিয়ে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত আছুৱে ৮ জানুৱাৰিত পুৱা ৫ বজাৰ পৰা ১১ ঘণ্টীয়া অসম বন্ধৰ আহ্বান দিয়াৰ সমান্তৰালভাৱে উত্তৰ-পূবৰ ছাত্ৰ সংগঠনবোৰৰ উমৈহতীয়া মঞ্চ নেছ’ই সমগ্ৰ উত্তৰ-পূব বন্ধ দিছিল।