বাল্য বিবাহ সংশোধনী বিধেয়ক, ২০২১ ৰ আলোচনাৰ বাবে গঠিত পেনেল পুনৰ গঠনৰ আহ্বান মহিলা আয়োগৰ মুৰব্বীৰ

Child Marriage Amendment Bill 2021

দিল্লী মহিলা আয়োগৰ (DCW) মুৰব্বী স্বাতী মালিৱালে বাল্য বিবাহ সংশোধনী বিধেয়ক, ২০২১ ৰ আলোচনাৰ বাবে গঠন কৰা সংসদীয় পেনেল পুনৰ গঠনৰ আহ্বান জনাইছে। মঙলবাৰে ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডুলৈ এখন পত্ৰ লিখি এই আহ্বান জনায় মালিৱালে।

মহিলা আয়োগে ৩১ জনীয়া সমিতিত মাত্ৰ এগৰাকী মহিলা সাংসদক অন্তৰ্ভুক্ত কৰাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে আৰু অধিক মহিলা সাংসদক সদস্য হিচাপে লৈ সমিতি পুনৰ গঠনৰ দাবী জনায়।

মালিৱালে দাবী কৰে যে ছোৱালীৰ বিবাহযোগ্য বয়স ১৮ ৰ পৰা ২১ লৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে বিধেয়কখনৰ আলোচনাৰ বাবে গঠন কৰা এই পেনেলখন এগৰাকী মহিলাৰ অধ্যক্ষতা কৰিব লাগিব কিয়নো বিষয়টো কোটি কোটি মহিলাৰ ভৱিষ্যতৰ বাবে অবিচ্ছেদ্য।

তদুপৰি তেওঁ বাল্য বিবাহ বিৰোধী আইন ৰূপায়ণত সংস্থাসমূহৰ ব্যৰ্থতাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে আৰু বিষয়টোত ব্যাপক পৰামৰ্শ আৰু মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

স্বাতী মালিৱালে কয়, “আধাতকৈ অধিক মহিলা সাংসদ আৰু এগৰাকী মহিলা অধ্যক্ষৰ সৈতে বাল্য বিবাহ সংশোধনী বিধেয়ক, ২০২১ পৰীক্ষাৰ বাবে গঠন কৰা সংসদীয় স্থায়ী সমিতি পুনৰ গঠনৰ বাবে মই ৰাজ্যসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখিছো। এইটো দুখজনক যে বৰ্তমানৰ সমিতিখনত ৩০ জন পুৰুষৰ মাজত মাত্ৰ এগৰাকী মহিলা আছে! এইটো এটা সংবেদনশীল বিষয় আৰু ই কোটি কোটি মহিলাৰ জীৱনত প্ৰভাৱ পেলাব। সেয়েহে, মহিলাৰ নেতৃত্বত এক বিস্তৃত আৰু পৰামৰ্শমূলক প্ৰক্ৰিয়াৰ জৰিয়তে ইয়াৰ সিদ্ধান্ত ল’ব লাগিব।”

কোটি কোটি মহিলা আৰু ছোৱালীৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বিষয় এটা পুৰুষৰ এটা গোটে কেনেকৈ নিৰ্ণয় কৰিব পাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে মালিৱালে।