NORTHEAST NOW (Assamese)

চাপৰৰ চৈবাৰী চাহবাগিচাৰ ‘হাসডবা’ বিলত যুৱকৰ মৃতদেহ উদ্ধাৰ

September 12, 2021 8:44 pm · তিলক প্ৰসাদ

ধুবুৰী জিলাৰ চাপৰ থানাৰ অধীনৰ চৈবাৰী চাহবাগিচাস্থিত হাসডবা বিলৰ পানী যুঁৱলীত আজি দিনৰ ১১ মান বজাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

মৃত যুৱক জন  চাহবাগিচা খনৰ ‘ডিভিছন লাইন’ৰ টেলেচফৰ খাৰিয়া ওৰফে ”আলফা” বুলি চিনাক্ত কৰা হৈছে ।

উল্লেখ্য যে আজি পুৱা ১১ মান বজাত যুৱক জনৰ মৃতদেহ হাসডবা বিলৰ পানী যুঁৱলীত ওপঙি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি চাপৰ আৰক্ষীক খবৰ দিয়ে।

তাৰ পাছতে চাপৰ আৰক্ষীৰ দল চাপৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ শান্তনু গগৈৰ স’তে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ অনা হয় বুলি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ দলে জানিবলৈ দিয়ে।

পিছত যুৱক জনৰ মৃতদেহ আৰক্ষীয়ে  মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে।

এয়া হত্যা নে আত্মহত্যা কিম্বা দুৰ্ঘটনাজনিত মৃত্যু সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

ইপিনে আছা” কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ৰেজাণ  হৰো উক্ত ঘটনাৰ উপযুক্ত তদন্ত দাবী কৰি প্ৰকৃত কাৰণ বিচাৰি উলিওৱাৰ বাবে দাবী জনাইছে। আৰু লগতে ফলিমাৰি – কৃষ্ণ কলি গাওপঞ্চায়ত এলেকাধীন উক্ত হাসডোবা  বিলটোৰ চাৰিওপিনে এখন দেৱাল নিৰ্মাণ কৰিব লাগে বুলি হৰো’ ই দাবী জনাইছে।

ইপিনে উক্ত ঘটনাক লৈ ধুবুৰী জিলা আছৰ সভাপতি বাবলু মুণ্ডাই উক্ত ঘটনাক দুৰ্ভাগ্য জনক বুলি উল্লেখ কৰি প্ৰকৃত কাৰণ উলিয়াব লাগে  বুলি দাবি কৰিছে। যোৱা কালিৰে পৰা টেলেচফৰ নিখোজ হৈ আছিল বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

Related News