অৰুণাচলত নিহত সেনা জোৱান বিশ্বজিত নৰহৰ নশ্বৰ দেহ অনা হ’ল টিয়কৰ নিজ বাসগৃহলৈ

শোকাকুল পৰিবেশত সামৰিক মৰ্যদাৰে শেষ বিদায় সেনাৰ

অৰুণাচলত শ্বহীদ হোৱা সেনা জোৱান বিশ্বজিত নৰহৰ নশ্বৰ দেহ আজি অনা হল টিয়কৰ নিজ বাসগৃহলৈ।

শোকাকুল পৰিবেশত সামৰিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয় সেনা জোৱানগৰাকীক।

১৪ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত দুৰ্ঘটনাত আন ৬ জন জোৱানৰ সৈতে মৃত্যুক আকোঁৱালি লৈছিল টীয়কৰ বিশ্বজিৎ নৰহে।মাতৃভূমিৰ সেৱাত নিয়োজিত হৈ থাকোত প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনাৰ অৰুণাচল স্কোৱাডৰ লেন্সনায়ক বিশ্বজিত নৰহৰ বাসগৃহত বিৰাজ কৰে এক বুজাব নোৱাৰা পৰিবেশে।

উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত অৰুণাচলত ৬ জন ভাৰতীয় সেনা জোৱানৰ সৈতে কৰ্মৰত অৱস্থাত এক পথ দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আঁকোৱালি লৈছিল টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত চেনীজান ৰামপুৰ ভকত গাঁৱৰ ৩০ বছৰীয়া সেনা জোৱান বিশ্বজিত নৰহে ।

 

আজি বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ নিজৰ জন্ম গাওঁ অনাৰ লগে লগে শোকাকুল পৰিবেশৰ সৃষ্টি হয় । আপোনজনক হেৰুৱাই বীৰ শ্বহীদগৰাকীৰ পত্নীৰ লগতে পৰিয়ালৰ লোকসকল কান্দোনত ভাঙি পৰে।পত্নীৰ হিয়া ভগা কোন্দোনে উপস্থিত প্ৰতিজন লোকৰ দুচকু সেমেকাই তোলে।

এটি ডেৰবছৰীয়া সন্তানৰ পিতৃ বিশ্বজিত নৰহে পত্নীৰ লগতে পিতৃ- মাতৃ আৰু দুজন ভাতৃ এৰি গৈছে।বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ পুৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা সেনাৰ এখন বিশেষ বাহনেৰে লৈ আনে।

গাওঁবাসীয়ে বীৰ শ্বহীদ বিশ্বজিত নৰহ অমৰ হওঁক, বন্দে মাতৰম আদি শ্ল’গানেৰে বীৰ গৰাকীলৈ সন্মান জনায়। উল্লেখ্য যে, জিয়াকন নৰহৰ জ্যেষ্ঠ পুত্ৰ বিশ্বজিৎ নৰহ দেশ মাতৃৰ সেৱাৰ বাবে ২০১২ চনত ভাৰতীয় সেনা বাহিনীৰ অৰুণাচল স্কোৱাডত ভৰ্তি হৈছিল।

বীৰ শ্বহীদ গৰাকীলৈ সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াই শেষ শ্ৰদ্ধাঞ্জলি জনোৱা লগতে সামৰিক মৰ্যাদাৰে শেষ বিদায় জনায় সেনাবাহিনীয়ে।