অৰুণাচলৰ বৰডুমচাত চিপ লোৱা অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ; বলাৎকাৰৰ সন্দেহ

Deadbody-570x320

প্রতিনিধিত্বমূলক ফটো

তিনিচুকীয়া জিলাৰ সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ বৰডুমচাত আজি চিপ লৈ থকা অৱস্থাত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত ৱাগান ৩ৰ বাসী বিনীতা মাহাতু (১৮) নামৰ যুৱতীগৰাকী যোৱা ১৯ অক্টোবৰত দুৰ্গাপূজাৰ দশমী চাবলৈ ওলাই যোৱৰ পিছৰ পৰাই ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল।

পৰিয়ালৰ লোকে সম্ভাব্য সকলো স্থানতে তেওঁক বিচাৰি সম্ভেদ উলিয়াব নোৱাৰি বৰডুমচা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এনে সময়তে আজি যুৱতীগৰাকীৰ মৃতদেহ ৱাগান ৩ অঞ্চলৰ এজোপা গছত চিপ লৈ ওলামি থকা অৱস্থাত উদ্ধাৰ হয়।

ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি বৰডুমচা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাই পিছত পৰিয়ালক মৃতদেহটো চমজাই দিয়ে যদিও ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে৷

জাগুনৰ এখন বিউটি পাৰ্লাৰত কাম কৰা যুৱতীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰা হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে।