NORTHEAST NOW (Assamese)

কয়দীৰ মৃতদেহ উদ্ধাৰ গোলাঘাটৰ অসামৰিক চিকিৎসালয়ৰ বাথৰূমত

December 19, 2018 10:42 pm · এন ই নাও নিউজ
Updated: December 19, 2018 10:44 pm
প্রতিনিধিত্বমূলক ফটো

গোলাঘাট জিলাৰ কাৰাগাৰত হত্যাৰ অভিযোগত কাৰাৱাস খাটি থকা এজন কয়দীৰ মৃতদেহ আজি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বাথৰূমত উদ্ধাৰ হয়।

উল্লেখযোগ্য্য যে এক হত্যাকাণ্ডত অভিযুক্ত হোৱা বিদ্যাসাগৰ ৰবিদাস নামৰ ব্যক্তিজনক ১১ বছৰৰ পূৰ্বে আদালতে যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰিছিল।

কিন্তু ১৫ ডিচেম্বৰত ৰবিদাসৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু ৰহস্যজনকভাৱে আজি পুৱা ৰবিদাসৰ মৃতদেহ চিকিৎসালয়খনৰ বাথৰুমৰ ভিতৰত চিকিৎসা কৰ্মীয়ে উদ্ধাৰ কৰে।

ইফালে মৃত ৰবিদাসৰ পৰিয়ালৰ লোকে এই ঘটনা এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

Related News